বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ, LIVE UPDATES

বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ, LIVE UPDATES

সন্ধিয়া ৮.৪৫ বজাতঃ ৮ উইকেটত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰিলে ভাৰতে। অতিৰিক্ত ৪৭ টা বল থাকোতেই বিজয় সাব্যস্ত ভাৰতৰ। ১৫২ ৰাণত (১১৭ বলত) অপৰাজেয় হৈ ৰয় ৰোহিত শৰ্মা।

সন্ধিয়া ৮.১০ বজাতঃ ক্ৰিজত মজুত ৰোহিত শৰ্মা আৰু অম্বতি ৰাইডু। বিজয়ৰ বাবে ভাৰতক প্ৰয়োজন ৯৩ বলত ৫৬ ৰাণ।

সন্ধিয়া ৭.৫৭ বজাতঃ ১০৭ টা বলত ১৪০ ৰাণ কৰি পেভিলিয়নলৈ উভতিল অধিনায়ক কোহলী।

সন্ধিয়া ৭.৫০ বজাতঃ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত কেৰিয়াৰৰ ২০ সংখ্যক শতক অৰ্জন হিট মেন খ্যাত ৰোহিত শৰ্মাৰ। ৮৪টা বলত শতৰাণ সম্পূৰ্ণ ৰোহিতৰ।

সন্ধিয়া ৭.৩৭ বজাতঃ পুনৰ এটা শতক অৰ্জন ৰাণ মেছিন কোহলীৰ, ১২১ ৰাণ (৯৪)। ৰোহিতে স্ক'ৰ কৰিলে ৭৯ ৰাণ (৭৪)। জিকিবলৈ ১২৭ বলত ১১০ ৰাণ প্ৰয়োজন ভাৰতক।

সন্ধিয়া ৬.৪৯ বজাতঃ ভাৰতৰ স্ক'ৰ ১৫ অভাৰত ৯৯ ৰাণ। কোহলী ৬২ আৰু ৰোহিত শৰ্মাই ৩০ ৰাণত বৰ্তমান।

সন্ধিয়া ৬.৩৪ বজাতঃ ৰাণমেছিন কোহলীৰ খাটাত পুনৰ এটা অৰ্ধশতক। ৩৫ টা বলত ৫৩ ৰাণ সম্পূৰ্ণ কৰিলে কোহলীয়ে। ভাৰতৰ স্ক'ৰ ১১ অভাৰত ৮২ ৰাণ।

সন্ধিয়া ৬.০১ বজাতঃ ভাৰতৰ স্ক'ৰ এটা উইকেটৰ বিনিময়ত ১২ ৰান (৩ অভাৰ)।

সন্ধিয়া ৫.৫৪ বজাতঃ ভাৰতৰ প্ৰথমটো উইকেটৰ পতন। ৬ বলত ৪ ৰাণ কৰি পেভিলিয়নলৈ উভতিল শিখৰ ধাৱান। ক্ৰিজত নতুন বেটছমেন ভাৰতীয় দলটোৰ অধিনায়ক বিৰাট কোহলী।

সন্ধিয়া ৫.৫০ বজাতঃ  ক্ৰিজত নামিছে ভাৰতৰ বেটছমেন ৰোহিত শৰ্মা আৰু শিখৰ ধাৱান। লক্ষ্য ৩২৩। সন্মুখত কেৰিবিয়ান বলাৰ কেমাৰ ৰোটছ।

ভাৰতৰ সন্মুখত ৩২৩ ৰাণৰ বিজয়ৰ লক্ষ্য। ৱেষ্ট ইণ্ডিজে প্ৰথম ইনিংছত ৮ উইকেটৰ বিনিময়ত ৫০ অভাৰত সংগ্ৰহ কৰে ৩২২ ৰাণ। ৱেষ্ট ইণ্ডিজৰ হৈ ২৬ বলত ২২ ৰাণ কৰি দেৱেন্দ বিশ্বু আৰু কেমাৰ ৰোটছে ২২ বলত ২৬ ৰাণ কৰি নট আউট হৈ থাকে।

আবেলি ৪.৪৬ বজাতঃ ৱেষ্ট ইণ্ডিজৰ অষ্টমটো উইকেটৰ পতন। যুজবেন্দ্ৰ চহলৰ বলত ৩৮ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী জেচন হোল্ডাৰ। ক্ৰিজত নতুন বেটচমেন কেমাৰ ৰোটছ। ৱেষ্ট ইণ্ডিজৰ বৰ্তমানলৈকে ৪৮ অভাৰ ১টা বলত ২৯৯ ৰান সংগ্ৰহ।

আবেলি ৪.২৪ বজাতঃ ৱেষ্ট ইণ্ডিজৰ সপ্তমটো উইকেটৰ পতন। যুজবেন্দ্ৰ চহলৰ বলত ২ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী আশ্বলেই নাৰ্ছ। ক্ৰিজত নতুন বেটচমেন দেৱেন্দ বিশ্বু।

আবেলি ৪.২০ বজাতঃ ৱেষ্ট ইণ্ডিজৰ ৬ষ্ঠটো উইকেটৰ পতন। ৰবীন্দ্ৰ জডেজাৰ বলত ১০৬ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী ছিমৰণ। ক্ৰিজত নতুন বেটচমেন আশ্বলেই নাৰ্ছ। ৱেষ্ট ইণ্ডিজৰ বৰ্তমানলৈকে ৩৮ অভাৰ ৪টা বলত ২৪৮ ৰান সংগ্ৰহ।

দিনৰ ৩.৪০ বজাতঃ ৱেষ্ট ইণ্ডিজৰ পঞ্চমটো উইকেটৰ পতন। ৰবীন্দ্ৰ জডেজাৰ বলত ২২ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী ৰভমান প'ৱেল্ল। ক্ৰিজত নতুন বেটচমেন জাচন হলডাৰ। ৱেষ্ট ইণ্ডিজৰ বৰ্তমানলৈকে ৩৩ অভাৰ ৫টা বলত ২০৭ ৰান সংগ্ৰহ।

দিনৰ ৩.১৯ বজাতঃ ২৫ অভাৰত ১৫০ ৰান সংগ্ৰহ ৱেষ্ট ইণ্ডিজৰ। ক্ৰিজত মজুত ৰ'ভমান প'ৱেল্ল আৰু ছিমৰণ। ছিমৰণৰ ৩৭টা বলত ৪৭ ৰান সংগ্ৰহ।

দিনৰ ৩.০৪ বজাতঃ চতুৰ্থ উইকেট পতন ৱেষ্ট ইণ্ডিজৰ। মহম্মদ ছামীৰ বলত আউট হয় ছাই হ'প। ৩২ ৰান কৰি পেভিলিয়ন মুখী হয় ৱেষ্ট ইণ্ডিজৰ বেটছমেনগৰাকী। ৱেষ্ট ইণ্ডিজৰ বৰ্তমানলৈকে ২১ অভাৰ ৪টা বলত ১১৪ ৰান। ক্ৰিজত প্ৰৱেশ ৱেষ্ট ইণ্ডিজৰ ৰ'ভমান প'ৱেল্লৰ।

দিনৰ ২.৫৭ বজাতঃ ৱেষ্ট ইণ্ডিজৰ ১০০ৰান সম্পূৰ্ণ। ক্ৰিজত মজুত ছিমৰণ হেটমেয়াৰ আৰু ছাই হ'প। বৰ্তমানলৈকে ২১ অভাৰত ৩ টা উইকেট হেৰুৱাই ৱেষ্ট ইণ্ডিজে সংগ্ৰহ কৰিছে ১১৪ৰান।

দিনৰ ২.৩৮ বজাতঃ ০ ৰানতে পেভিলিয়ান মুখী হয় মাৰ্ল'ন ছেমুৱেলছ। জছৱেন্দৰ ছাহলৰ বলত এল পি ডব্লিউ হয় ৱেষ্ট ইণ্ডিজৰ বেটছমেনজন। ৩ টা উইকেট হেৰুৱাই ১৫ অভাৰ ৩ টা বলত ৱেষ্টইণ্ডিজে সংগ্ৰহ কৰিলে ৮৬ ৰান।

দিনৰ ২.৩৩ বজাতঃ কেইৰাণ প'ৱেল আউট। ৪৯টা বলত ৫১ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতিল প'ৱেল। খলিল আহমেদৰ বলত আউট বেটছমেন জন। বৰ্তমানলৈ ২ উইকেটৰ বিনিময়ত ৱেষ্ট ইণ্ডিজে ১৪ অভাৰত সংগ্ৰহ ৮৪ ৰান।

দিনৰ ১.৫৯ বজাতঃ ৬ অভাৰত ২৬ ৰান সংগ্ৰহ ৱেষ্ট ইণ্ডিজৰ। কেইৰাণ প'ৱেলৰ ১৪ ৰান, হ'পৰ ০৩ ৰান সংগ্ৰহ।

দিনৰ ১.৪৮ বজাতঃ ১৫টা বলত ৯ ৰান কৰি পেভিলিয়নমুখী হয় চন্দ্ৰপল হেমৰাজ। মঃ ছামীয়ে দখল কৰে প্ৰথমটো উইকেট। বেটিঙৰ বাবে ৱেষ্ট ইণ্ডিজৰ বেটছমেন ছাই হ'পৰ ক্ৰিজত প্ৰৱেশ।

দিনৰ ১.৩০ বজাতঃ খেলপথাৰত উপস্থিত দুয়োটা দল। প্ৰথমে বলিঙৰ বাবে সাজু মঃ ছামি। ৱেষ্ট ইণ্ডিজৰ বেটছমেন কেইৰাণ প'ৱেল আৰু চন্দ্ৰপল হেমৰাজ নামে খেলপথাৰত।

দিনৰ ১.০৩ বজাতঃ ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ। টছত জয়ী ভাৰত। প্ৰথমে বলিং কৰা সিদ্ধান্ত মেন ইন ব্লুৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in