মঙলবাৰে ভাৰত-নিউজিলেণ্ডৰ মাজত বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন ছেমি ফাইনেল

মঙলবাৰে ভাৰত-নিউজিলেণ্ডৰ মাজত বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন ছেমি ফাইনেল

ডিজিটেল ডেস্কঃ মঙলবাৰে ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল। প্ৰথমখন খেলতে ভাৰতৰ মুখামুখি হ'ব নিউজিলেণ্ড। মঙলবাৰে অল্ড ট্ৰাফ'ৰ্ড ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব ২০১৯ৰ বিশ্বকাপৰ প্ৰথম ছেমিফাইনেল খেলখন।

ইতিমধ্যে এই সংস্কৰণৰ ক্ৰিকেট বিশ্বকাপত অৱতীৰ্ণ হোৱা ৯ খন খেলৰ ৭ খনতে জয়লাভ কৰি আত্মবিশ্বাসী হৈ আছে ভাৰতীয় দলটো। তাৰ বিপৰীতে নিউজিলেণ্ডেও ৯ খন খেলৰ ভিতৰত ৫ খনত জয়লাভ কৰিছে। ভাৰতৰ অধিনায়ক বিৰাট কোহলীৰ লগতে নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে ছেমি ফাইনেলখনত জয়ী হৈ বিশ্বকাপ দখলৰ বাবে চলাব প্ৰচেষ্টা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in