বৰষুণ দিলেও চিন্তা নাই ভাৰতৰ! কিয়?

বৰষুণ দিলেও চিন্তা নাই ভাৰতৰ! কিয়?

ডিজিটেল ডেস্কঃ বতৰৰ বিথি-পথালিৰ বাবে বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেল এতিয়াও অনিশ্চয়তাত। প্ৰতিকুল বতৰৰ বাবে মঙলবাৰে আধাতে সামৰিবলগীয়া খেলখন বুধবাৰে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও মানচেষ্টাৰৰ আকাশ এতিয়াও গোমা। বতৰ বিজ্ঞান সংস্থাৰ মতে মানচেষ্টাৰত পুৱা ১০ শতাংশ আৰু দুপৰীয়া ৫০ শতাংশ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰৰ এনে পৰিস্থিতিৰ মাজতে সকলো ক্ৰিকেট প্ৰেমীৰে মনত প্ৰশ্ন উদয় হৈছে, যদিহে খেলখন অনুষ্ঠিত নহয় কোনে খেলিব ফাইনেল?

এই প্ৰশ্নৰ পোনপতীয়া উত্তৰ হ'ব যদি খেল নহয় চলিত বিশ্বকাপৰ পৰা বাহিৰ হ'ব নিউজিলেণ্ড। পইন্ট তালিকা অনুসৰি ফাইনেলত স্থান পাব টীম ইণ্ডিয়াই। বৰ্তমানৰ লৈকে চলিত বিশ্বকাপৰ পইন্ট তালিকাত ১৫ পইন্টেৰে শীৰ্ষত আছে ভাৰত। ইফালে ১১ পইন্টেৰে তালিকাৰ ৪ নং স্থানত আছে নিউজিলেণ্ড। গতিকে এই দিশৰ পৰা খেলখন অনুষ্ঠিত নহ'লে কোনো বিপদ নহয় ভাৰতৰ। পইন্টেৰ জৰিয়তে সহজে ফাইনেলত প্ৰৱেশ কৰিব টীম ইণ্ডিয়াই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in