ধোনীক চেৰ পেলালে ৰোহিত শৰ্মাই…

ধোনীক চেৰ পেলালে ৰোহিত শৰ্মাই…

ডিজিটেল ডেস্কঃ ধোনীকো চেৰ পেলালে ৰোহিত শৰ্মাই। আকৰ্ষণীয় বেটিঙেৰে কোটি কোটি ভাৰতীয়ৰ হৃদয়ত থিতাপি লোৱা হিট মেন ৰোহিতৰ আচলত আন এটা ৰেকৰ্ড। বৃহস্পতিবাৰে বাংলাদেশৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ ৰ বাবে খেলপথাৰত নমাৰ পাছতেই এটা নতুন ৰেকৰ্ডৰ গৰাকী হয় ৰোহিত শৰ্মা।

বাংলাদেশৰ বিৰুদ্ধে খেলা মেচখনৰ পাছতেই ৰোহিত শৰ্মা ভাৰতৰ সৰ্বাধিক টি-২০ মেচ খেলা খেলুৱৈ হিচাপে পৰিগণিত হয়। ৰোহিতৰ কেৰিয়াৰত এয়া হৈছে শততম টি-২০ মেচ। উল্লেখ্য যে, পূৰ্বৰ মেচখনতে ৰোহিতে চেৰ পেলাইছে মহেন্দ্ৰ সিং ধোনী। নিজৰ কেৰিয়াৰত মহেন্দ্ৰ সিং ধোনীয়ে খেলিছে ৯৮ খন টি-২০। কেৱল ধোনীকে নহয় বৃহস্পতিবাৰে ৰোহিতে চেৰ পেলাইছে পাকিস্তানৰ অলৰাউণ্ডাৰ শ্বাহিদ আফ্ৰিডীক।

উল্লেখ্য যে, বিশ্বৰ ভিতৰতে সৰ্বাধিক টি-২০ মেচ খেলুৱৈজন হৈছে পাকিস্তানৰ চৈয়ৱ মালিক। কেৰিয়াৰত মালিকে খেলিছে ১১১ খন টি-২০। গৌৰৱৰ বিষয় যে, এই তালিকাত দ্বিতীয়স্থানত আছে ৰোহিত শৰ্মা। আনফালে তৃতীয়স্থানত আছে শ্বাহিদ আফ্ৰিডী আৰু চতুৰ্থ স্থানত আছে মহেন্দ্ৰ সিং ধোনী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in