শেহতীয়া খবৰ
১ লাখ ২ হাজাৰ ৪৬২ জন লোকৰ নাম অন্তৰ্ভূক্তিৰে প্ৰকাশ পালে এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা, সবিশেষ খবৰ...  •  মুজাফ্ফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি  •  এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক, নিহত ৩ শিশুসহ ৪জন  •  পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰসহ নিহত ৩  •  শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত  •  কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা  •  মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা  •  ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন  •  ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড  •  পৰস্ত্ৰীৰ অশ্লীল ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি ৰঙাঘৰত সোমাল বদৰপুৰৰ সেনা জোৱান

‘চোৰ, চোৰ…’- ষ্টেডিয়ামৰ বাহিৰত বিজয় মালিয়াক পৰিলক্ষিত কৰি চিঞৰিলে একাংশই, চাওঁক VIDEO

598

ডিজিটেল ডেস্কঃ ‘চোৰ, চোৰ’- বুলি দেওবাৰে লণ্ডনত চিঞৰিলে একাংশ লোকে। দেওবাৰে লণ্ডনত অনুষ্ঠিত ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মেচ চাবলৈ ষ্টেডিয়ামত উপস্থিত হৈছিল পলাতক সুৰা ব্যৱসায়ী বিজয় মালিয়া।

খেল সমাপ্ত হোৱাৰ পাছতে ষ্টেডিয়ামৰ পৰা বাহিৰলৈ ওলাই অহা সময়তে তেওঁক দেখা পাই একাংশ লোকে ‘চোৰ, চোৰ…’ বুলি চিঞৰিবলৈ আৰম্ভ কৰে। মানুহৰ ভিৰৰ মাজত নিজ মাতৃৰ সৈতে বাহনৰ দিশে গৈ থকা সময়ত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত পলাতক সুৰা ব্যৱসায়ীজনে কয়- মোৰ মাতৃ যেন আহত নহয়।

ষ্টেডিয়ামৰ বাহিৰত ‘চোৰ চোৰ…’ বুলি চিঞৰি থকা সময়ত বিজয় মালিয়াৰ লগত তেওঁৰ মাতৃ লতিতাও উপস্থিত আছিল। এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ও ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। বিজয় মালিয়াই ষ্টেডিয়ামৰ বাহিৰত কয়- ‘মই কেৱল খেল চাবলৈ আহিছো। মোৰ মা যাতে এই ভিৰত আঘাতপ্ৰাপ্ত নহয়।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি