শেহতীয়া খবৰ
দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  ৰহাৰ প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  নিশা ভূমিকম্পই জোকাৰি গ’ল হিমাচলপ্ৰদেশ...  •  ঢকুৱাখনাৰ ধেনুখনাত ধেমাজি জিলা সমিতিৰ উদ্যোগত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন  •  মাৰ্ঘেৰিটাৰ বৰগোলাইত পথ দুৰ্ঘটনাত এজন নিহত  •  বৰক্ষেত্ৰীত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিক দলত যোগদান বহু পুৰুষ-মহিলাৰ

মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ ১০০ দিনৰ খতিয়ান, কি ক’লে কেন্দ্ৰীয় বিদেশ মন্ত্ৰীগৰাকীয়ে…

282

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰে প্ৰধানমন্ত্ৰী মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যাকালৰ ১০০ দিনৰ কাম-কাজৰ খতিয়ান জাৰি কৰা বুলি জনাইছে। বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰত আৰু আমেৰিকাৰ সুসম্পৰ্ক আৰু অধিক বৃদ্ধি পাইছে।

এছ জয়শংকৰে কয়- ‘মই আপোনালোকক আশ্বাস দিছো যে, দুয়োখন দেশৰ সম্পৰ্ক বৰ্তমান বহু ভাল। বিদেশ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, দেওবাৰে হিউষ্টনত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ‘হাওডী, মোডী!’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে উপস্থিত থাকিব আৰু এয়া আমাৰ বাবে গৌৰৱৰ কথা।

ইফালে, কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰে মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ ১০০ দিনত কি কি কাম-কাজ কৰিলে এই সন্দৰ্ভত জনায়। তেওঁ কয় যে চৰকাৰৰ উপলব্ধি ৰাষ্ট্ৰীয় নিৰাপত্তা সুনিশ্চিত কৰাতোহে। ‘ভাৰতৰ কথা এতিয়া সমগ্ৰ বিশ্ববাসীয়ে শুনিবলৈ লৈছে। লাগিলে সেয়া জি-২০ হওঁক বা জলবায়ু সন্মিলনতেই হওঁক।’- সংবাদমেলত এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

মালদ্বীপ, শ্ৰীলংকা, ভূটাৰ দৰে চুবুৰীয়া দেশসমূহত গৈছে প্রধানমন্ত্ৰী মোডী। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণসূচীৰ সময়ত চুবুৰীয়া এই দেশ কেইখনৰ সৈতে ব্যৱসায়িক সম্বন্ধ আৰু নাগৰিকসকলৰ সৈতে সম্পৰ্ক অধিক ভাল কৰাৰ ওপৰত কাম কৰা হৈছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি