চীন-আমেৰিকা একেলগ হৈয়ো পিছ পেলাব নোৱাৰিলে ভাৰতক

চীন-আমেৰিকা একেলগ হৈয়ো পিছ পেলাব নোৱাৰিলে ভাৰতক

ডিজিটেল ডেস্কঃ ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে ইন্টাৰনেটৰ ব্যৱহাৰকাৰীৰ সংখ্যা। ইন্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত এতিয়া বিশ্বৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সমৰ্থ হৈছে ভাৰতে।

নীতি আয়োগৰ মতে ভাৰতে প্ৰতিমাহে যিমান পৰিমানৰ ইন্টাৰনেট ব্যৱহাৰ কৰে, সেয়া আমেৰিকা আৰু চীনে একলগ হ'লেও চেৰ পেলাব নোৱাৰে। আয়োগৰ পৰিসংখ্য অনুযায়ী ভাৰতে প্ৰতিমাহে ব্যৱহাৰ কৰা ডাটাৰ পৰিমাণ হৈছে ১৫০ কোটি জি বি।

তাৎপৰ্যপূৰ্ণ কথাটো এয়ে যে এবছৰৰ পূৰ্বে ইন্টাৰনেট ব্যৱহাৰকাৰী দেশৰ তালিকাত ১৫৫ নং স্থানত আছিল ভাৰত। হঠাতে এনে অগ্ৰগতিৰ কাৰণ চৰকাৰৰ ডিজিটেল ইণ্ডিয়া আৰু 4জি নেটৰ্ৱকৰ আগমনৰ প্ৰভাৱো হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে।

যিখন দেশত পূৰ্বতে ব্যৱহাৰ হৈছিল মাথো ২০ কোটি জি বি ডাটা সেই একেখন দেশত বৰ্তমান সময়ত ব্যৱহাৰ হয় ১৫০ কোটি জি বি ডাটা।উল্লেখ্য যে ২০১৬ বৰ্ষত ভাৰতত 4জি স্মাৰ্টফোন ব্যৱহাৰ কৰিছিল ৪ কোটি ৭০ লাখ লোকে। চলিত বৰ্ষত সেয়া কেবাগুণে বৃদ্ধি পাই হৈছেগৈ ৩৮ কোটিৰো অধিক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in