শেহতীয়া খবৰ
ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

২৯ বিধ আমেৰিকাত নিৰ্মিত সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক বৃদ্ধি ভাৰতৰ, ১৬ জুনৰ পৰা হ’ব কাৰ্যকৰী

364

ডিজিটেল ডেস্কঃ ভাৰতে আমেৰিকাত নিৰ্মিত ২৯ বিধ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক বৃদ্ধিৰ সিদ্ধান্ত লৈছে। এক চৰকাৰী সূত্ৰই সদৰি কৰা মতে, ভাৰতৰ এই নতুন শুল্ক নীতি অহা ১৬ জুনৰ পৰা কাৰ্যকৰী হ’ব। শুল্ক বৃদ্ধি কৰা সামগ্ৰী সমূহৰ ভিতৰত আমেৰিকাত নিৰ্মিত অলমণ্ড, বালনট আৰু পলছেছৰ দৰে ব্যয়বহুল সামগ্ৰীও অন্তৰ্ভূক্ত হৈছে।

ভাৰতৰ এই নতুন শুল্ক নীতিৰ জৰিয়তে আমেৰিকাৰ এক্সপ’ৰ্টাৰ সমূহৰ ওপৰত প্ৰভাৱ পৰিব যদিও ইয়াৰ দ্বাৰা ভাৰতে ২১৭ মিলিয়ন ডলাৰ অতিৰিক্ত শুল্ক লাভ কৰিবলৈ সক্ষম হ’ব। চৰকাৰে ২০১৮ চনৰ ২১ জুনতে আমেৰিকাৰ পৰা আমদানিকৃত সামগ্ৰীত অতিৰিক্ত শুল্ক বৃদ্ধিৰ ঘোষণা কৰিছিল যদিও পৰৱৰ্তী সময়ত এই সিদ্ধান্ত পিছুৱাই দিয়া হয়।

উল্লেখ্য যে, ২০১৮ বৰ্ষত আমেৰিকাই এলুমনিয়াম আৰু ষ্টীল সামগ্ৰীসমূহৰত অতিৰিক্ত শুল্ক বৃদ্ধি কৰিছিল। যাৰ ফলতে ষ্টীল আৰু এলুমনিয়াম সামগ্ৰীৰ অন্যতম ৰপ্তানীকৃত দেশ ভাৰতৰ ব্যৱসায়ত প্ৰায় ২৪০ মিলিয়ন ডলাৰৰ প্ৰভাৱ পৰিছিল। তাৰ পিছতে ভাৰতেও আমেৰিকাৰ পৰা আমদানিকৃত সামগ্ৰীত অতিৰিক্ত শুল্ক বৃদ্ধিৰ সিদ্ধান্ত লয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি