টিকাকৰণত আমেৰিকাক চেৰ পেলালে ভাৰতেঃ এই পৰ্যন্ত ভাৰতত প্ৰায় ৮.৭ কোটি টিকাকৰণ সম্পন্ন

টিকাকৰণত আমেৰিকাক চেৰ পেলালে ভাৰতেঃ এই পৰ্যন্ত ভাৰতত প্ৰায় ৮.৭ কোটি টিকাকৰণ সম্পন্ন

ডিজিটেল ডেস্কঃ কভিড টিকাকৰণত ভাৰতে চেৰ পেলালে আমেৰিকাক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে বুধবাৰে জনোৱা অনুসৰি, ভাৰতত দৈনিক প্ৰায় ৩০ লাখ ৯৩ হাজাৰ ৮৬১ জনক লোকক টিকাকৰণ কৰা হৈছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, ভাৰতত বুধবাৰৰলৈকে প্ৰায় ৮ কোটি ৭৭ লাখ ৭০ হাজাৰ ৪৭৪ জন লোকক টিকাকৰণ কৰা হৈছে। ইয়াৰে ৮৯ লাখ ৬৩ হাজাৰ ৭২৪ গৰাকী স্বাস্থ্যকৰ্মীও আছে। ৬০ ঊৰ্ধ্বৰ ১০ লাখ ৭৮৭ জন লোকক ২য় ডোজ টিকাকৰণৰ কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নাকভিয়ে জনোৱা মতে, ভাৰতে বিশ্বৰ বৃহত্তম টিকাকৰণ অভিযান চলাইছে। এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'সংকট মোচন' ৰ ভূমিকা পালন কৰিলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in