এগৰাকী ভাৰতীয় মহিলা বিষয়াই UNESCOৰ সাধাৰণ সভাত ধৰাশায়ী কৰিলে পাকিস্তানক…VIDEO

এগৰাকী ভাৰতীয় মহিলা বিষয়াই  UNESCOৰ সাধাৰণ সভাত ধৰাশায়ী কৰিলে পাকিস্তানক…VIDEO

ডিজিটেল ডেস্কঃ নানা মিছা অভিযোগেৰে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতক বদনাম কৰিবলৈ চেষ্টা কৰা পাকিস্তানক আন এক শিক্ষা দিলে ভাৰতৰ এগৰাকী মহিলা প্ৰশাসনিক বিষয়াই। UNESCOৰ ৪০ সংখ্যক সাধাৰণ সভাত জম্মু-কাশ্মীৰ আৰু ভাৰতৰ ধৰ্মীয় স্বতন্ত্ৰতাৰ সন্দৰ্ভত পাকিস্তানৰ প্ৰতিনিধিক উচিত প্ৰত্যুত্তৰ দিলে সভাত ভাৰতক প্ৰতিনিধিত্ব কৰা বিষয়া অনন্যা আগ্ৰৱালে।

UNESCOৰ সাধাৰণ সভাত কাশ্মীৰ আৰু অযোধ্যাৰ দৰে বিষয় টানি আনি ভাৰতক হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা পাকিস্তানক অনন্যা আগ্ৰৱালে উত্তৰ দি কয়- 'আৰ্থিক সংকটৰ সৈতে যুঁজি থকা পাকিস্তানৰ ডি এন এত আছে সন্ত্ৰাসবাদ। ভাৰতৰ আভ্যন্তৰীণ বিষয়ত দখল দিয়াটো পাকিস্তানৰ পুৰণি বেমাৰ। এই সন্দৰ্ভত নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই। পাকিস্তানে সময়ে সময়ে নিজৰ পৰিচয় বিশ্বৰ আগত দাঙি ধৰিছে।'

ইয়ৈপ উপৰিও ভাৰতীয় বিষয়া গৰাকীয়ে লগতে পাকিস্তানৰ বিভিন্ন বিষয়ত ওপৰত বক্তব্য ৰাখে। পাকিস্তানে সন্ত্ৰাসবাদ সমৰ্থন কৰা, শেহতীয়াকৈ পৰৱেজ মুছাৰফৰ মন্তব্য, পাকিস্তানে জম্মু-কাশ্মীৰত বিয়পোৱা অশান্তি আৰু মহিলা সকলক লৈ পাক চৰকাৰৰ স্থিতিৰ সন্দৰ্ভতো উদাত্ত বক্তব্য ৰাখে ভাৰতক প্ৰতিনিধিত্ব কৰা বিষয়া অনন্যা আগ্ৰৱালে।

উল্লেখ্য য়ে, আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়া অনন্যা আগ্ৰৱালে হৈছে ২০১১-১২ বৰ্ষৰ আই আৰ এছ বিষয়া। ইউ পি এছ চি পৰীক্ষাত দেশৰ ভিতৰতে ২৭ সংখ্যক স্থান লাভ কৰিছিল আগ্ৰৱালে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in