গান্ধী জয়ন্তীত দেশক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰক অন্যথা জলসমাধি গ্ৰহণ কৰিমঃ জগতগুৰু পৰমহংস আচাৰ্য মহাৰাজ

গান্ধী জয়ন্তীত দেশক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰক অন্যথা জলসমাধি গ্ৰহণ কৰিমঃ জগতগুৰু পৰমহংস আচাৰ্য মহাৰাজ

ডিজিটেল ডেস্কঃ ২ অক্টোবৰৰ ভিতৰত ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰক অন্যথা জল সমাধি গ্ৰহণ কৰিম। ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিবলৈ এইদৰে ভাবুকি প্ৰদান কৰিছে বিতৰ্কিত জগতগুৰু পৰমহংস আচাৰ্য মহাৰাজে।

তেওঁ মঙলবাৰে অযোধ্যাত কৈছে যে, আগন্তুক গান্ধী জয়ন্তীতে ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব লাগে নহ'লে তেওঁ জল সমাধি গ্ৰহণ কৰিব। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি জগতগুৰু পৰমহংস আচাৰ্য মহাৰাজে কয়, মই দাবী জনাইছো যে ২ অক্টোবৰৰ ভিতৰত ভাৰতক 'হিন্দু ৰাষ্ট্ৰ' ঘোষণা কৰক নতুবা মই সৰযু নদীত জল সমাধি গ্ৰহণ কৰিম। কেন্দ্ৰই মুছলমান আৰু খ্ৰীষ্টানসকলৰ নাগৰিকত্ব বিলুপ্ত কৰা উচিত।

ইফালে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভগৱতে মঙলবাৰে চুৰাটত কৈছিল যে হিন্দুত্ব হৈছে এক আদৰ্শগত ব্যৱস্থা যি সকলোকে লগত লৈ যায় আৰু সকলোকে লগত লৈ আহে। ভগৱতে তেওঁৰ চুৰাট চহৰ তিনিদিনীয়া ভ্ৰমণৰ সময়ত ১৫০ জন নিৰ্বাচিত আমন্ত্ৰণকাৰীক সম্বোধন কৰিছিল।

তেওঁ কয়, হিন্দুত্ব হৈছে সেইজন যি সকলোকে লগত লৈ যায়, সকলোকে লগত লৈ আহে, সকলোকে নিজৰ ভিতৰত সংযোগ কৰে আৰু সকলোকে সমৃদ্ধ কৰে। ইয়াৰোপৰি তেওঁ কৈছিল, কেতিয়াবা "বাধা" আঁতৰ কৰোঁতে বিবাদ ৰৈ যায়, কিন্তু হিন্দুত্ব বিবাদৰ বিষয়েই নহয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in