ধাৱান, কোহলী, ৰাহুলৰ বিধ্বংসী বেটিঙেৰে অষ্ট্ৰেলিয়াৰ সন্মুখত ৩৪১ ৰানৰ বিশাল লক্ষ্য ভাৰতৰ…

খেলৰ মুহূৰ্তত ধাৱান
খেলৰ মুহূৰ্তত ধাৱান

ডিজিটেল ডেস্কঃ ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত ৰাজকোটৰ স্বৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয় এদিনীয়াত ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৬ উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াৰ সন্মুখত বান্ধি দিয়ে ৩৪১ ৰানৰ বিশাল স্ক'ৰ। টছত জিকি খেলখনত অষ্ট্ৰেলিয়াই প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনায় কোহলী বাহিনীক।

আজিৰ খেলখনত ক্ৰিজত নামিয়েই দুৰ্দান্ত ৰূপ ধাৰণ কৰা পৰিলক্ষিত হয় অপেনাৰ দ্বয় ৰোহিত শৰ্মা আৰু শিখৰ ধাৱানক। কিন্তু ১৩.৩ অভাৰত ৰোহিত শৰ্মা ৪২ ৰান কৰি পেভিলিয়নমুখী হয়। ইয়াৰ পিছতে ক্ৰিজত নমা কেপ্টেইন বিৰাট কোহলীৰ সৈতে লগ লাগি স্ক'ৰবৰ্ড আগুৱাই নিয়ে শিখৰ ধাৱানে। খেলখনত শিখৰ ধাৱানে ৯০ বলত ৯৬ ৰান সংগ্ৰহ কৰি কেন ৰিচাৰ্ডছনৰ বলত এটা সহজ কেচ দি আউট হয়।

ইফালে বিৰাট কোহলীয়ে আজিৰ খেলখনত সংগ্ৰহ কৰে ৭৮ ৰান। বিৰাট কোহলী আউট হোৱাৰ পিছত ক্ৰিজত নমা শ্ৰেয়ছ আয়াৰ আজি ব্যৰ্থ হয়। তেওঁ ১৭ বলত সংগ্ৰহ কৰে মাত্ৰ ৭ ৰান। সেইদৰে খেলখনত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ দ্বিতীয় এদিনীয়াত আশাপ্ৰদ প্ৰদৰ্শনত সফল নহল মনীষ পাণ্ডেও। খেলখনত আজি মাত্ৰ ২ ৰান কৰিয়েই পেভিলিয়নমুখী হয় পাণ্ডে।

আজিৰ খেলখনত দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় লোকেশ ৰাহুেলে। উইকেট কীপাৰ তথা বেটছমেন লোকেশ ৰাহুলে মাত্ৰ ৫২ টা বলত ৮০ ৰান সংগ্ৰহ কৰি খেল সমাপ্ত হ'বলৈ মাত্ৰ ৩টা বল বাকী থকা অৱস্থাত ৰান আউট হ'বলগা হয়। কে এল ৰাহুলৰ ৮০ ৰানৰ ব্যক্তিগত স্ক'ৰত আছিল ৬টা চিক্স আৰু ৩টা ফ'ৰ। খেলৰ শেষলৈকে ৰবীন্দ্ৰ জাডেজাই ২০ ৰান আৰু মহম্মদ ছামীয়ে ১ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ কেন ৰিচাৰ্ডচনে ২টা আৰু আদম জাম্পাই ৩টা উইকেট লাভ কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মুম্বাইত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল কোহলী বাহিনী। প্ৰথম খেলখনত ভাৰতে প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াৰ সন্মুখত আটাইকেইটা উইকেট ২৫৬ ৰানৰ লক্ষ্য বান্ধি দিছিল। কিন্তু ক্ৰিজত নামিয়েই অষ্ট্ৰেলিয়ান অপেনাৰদ্বয় ক্ৰমে দেভিদ ৱাৰ্ণাৰ আৰু এজে ফিন্সৰ বিধ্বংসী শতকেৰে মাত্ৰ ৩৭.৪ অভাৰতে লক্ষ্যত উপনীত হ'বলৈ সক্ষম হয়। খেলখনত দেভিদ ৱাৰ্ণাৰে ১২৮ ৰান আৰু এজে ফিন্সে ১১০ ৰান সংগ্ৰহ কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in