মানচেষ্টাৰত শতকেৰে পুনৰ উজ্বলিল ৰোহিত, জয়ৰ বাবে পাকিস্তানক ৩৩৭ ৰানৰ লক্ষ্য কোহলী বাহিনীৰ

মানচেষ্টাৰত শতকেৰে পুনৰ উজ্বলিল ৰোহিত, জয়ৰ বাবে পাকিস্তানক ৩৩৭ ৰানৰ লক্ষ্য কোহলী বাহিনীৰ

ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ খেল বুলিলে এনেয়ে ভাৰতীয় ক্ৰিকেটপ্ৰেমীসকল বলিয়া হৈ পৰে। তাতে যদি সেই খেল পাকিস্তানৰ দৰে এখন দেশৰ বিৰুদ্ধে হয়, তেন্তে খেলখনক লৈ সৃষ্টি হয় ৰোমাঞ্চকৰ পৰিৱেশৰ। ক্ৰিকেটেই হওক বা সীমান্তৰ ৰণ, পাকিস্তানৰ বিৰুদ্ধে সদায় ভাৰত আৰু ভাৰতীয়ই উত্তেজনা উপলব্ধি কৰে।

লণ্ডনৰ মানচেষ্টাৰৰ অল্ড ট্ৰাফ'ৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত দেওবাৰৰ ভাৰত-পাকিস্তানৰ বিশ্বকাপ খেলখনক লৈও সৃষ্টি হৈছে উত্তেজনাময় পৰিৱেশৰ। দুয়োখন দেশৰ সমৰ্থকে লণ্ডনত ভিৰ কৰিছে। নিজৰ নিজৰ দলটোক সমৰ্থন জনাই খেলুৱৈ সকলৰ পৰা এক উন্নত প্ৰদৰ্শন আশা কৰিছে সমৰ্থকসকলে।

ইফালে বিশ্বকাপৰ এই হাই ভল্টেজ খেলখনক লৈ প্ৰতিজন ভাৰতীয়ই যেন দেওবাৰে ৰোমাঞ্চিত অনুভৱ কৰিছে। গুজৰাটৰ পৰা কন্যাকুমাৰীলৈ সকলো ভালেই উঠিছে ক্ৰিকেটৰ জোৱাৰ। ভাৰতীয় দলটোক সমৰ্থন জনাই চিৰ বৈৰী দেশখনৰ বিৰুদ্ধে বৃহৎ বিজয় কামনা কৰিছে সমৰ্থকসকলে।

সেয়া দেখা গ'ল সীমান্তৰ নিৰাপত্তাৰক্ষীসকলৰ মাজতো। গুলী বাৰুদৰ যুদ্ধ নহয়, এইবাৰ বেট আৰু বলৰ যুদ্ধৰ প্ৰতি সমৰ্থন জনাই ভাৰতীয় দলটোৰ খেলুৱৈ সকলক দেশৰ মাটিৰ পৰাই উৎসাহ যোগাইছে এই নিৰাপত্তাৰক্ষীসকলে। অমৃতসৰত ভাৰত-পাক সীমান্তৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত নিৰাপত্তাৰক্ষীসকলে হাতত ঢোল লৈ ত্ৰিৰংগা উৰুৱাই ভাৰতীয় ক্ৰিকেট দলটোলৈ সমৰ্থন আগবঢ়ায়।

উল্লেখ্য যে, বিশ্বকাপ ক্ৰিকেটৰ ভাৰত-পাকিস্তানৰ গুৰুত্বপূৰ্ণ খেলখনত বৰষুণে কিছু সময়ৰ বাবে ব্যাঘাত জন্মায় যদিও খেল পুনৰ আৰম্ভ হোৱাত ভাৰতে নিৰ্দিষ্ট অভাৰত ৫ উইকেটৰ বিনিময়ত ২৩৬ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। টছত জিকি প্রথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা পাকিস্তানৰ বিৰুদ্ধে অপেনাৰ ৰোহিত শৰ্মা আৰু কেএল ৰাহুলে এক নিৰ্ভৰযোগ্য স্ক'ৰ থিয় কৰাবলৈ সক্ষম হয়। ৰোহিত শৰ্মাই ১৪০ (১১৩) ৰান সংগ্ৰহ কৰাৰ লগতে ৰাহুলে ৫৭ (৭৮) ৰান সংগ্ৰহ কৰে। কে এল ৰাহুল আউট হোৱাৰ পিছত কেপ্টেইন বিৰাট কোহলীয়েও ভাৰতীয় দলৰ হৈ ৬৫ বলত ৭৭ ৰান সংগ্ৰহ কৰি দলৰ স্ক'ৰবৰ্ড আগুৱাই নিয়ে। বিশ্বকাপ ক্ৰিকেটৰ ৰোমাঞ্চকৰ খেলখনত হাৰ্ডিক পাণ্ডিয়াই ২৬ (১৯) বলত ২৬ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ব্যৰ্থ হয় এম এছ ধোনী। খেলখনৰ শেষ মুহূৰ্তলৈ নট আউট হৈ ৰয় বিজয় শংকৰ (১৫) আৰু কেডাৰ যাদৱ (৯)।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in