ভাৰতত ১ কোটিতকৈ অধিক লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন…

ভাৰতত ১ কোটিতকৈ অধিক লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন…

ডিজিটেল ডেস্ক : দেশত বৰ্তমালৈ ১ কোটিতকৈ অধিক লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন । কেন্দ্ৰী স্বাস্থ্য মন্ত্ৰালয়ে জানিব দিয়া অনুসৰি দেশত বৰ্তমানলৈ ১,০১,৮৮,০০৭ গৰাকী লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন ।

ইফালে বিগত ২৪ ঘন্টাত ১৩,১৯৩ গৰাকী লোক কোৰোনাত আক্ৰান্ত হয় দেশখনত ।কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১০,৮৯৬ জনে । কোৰোনাত আক্ৰান্ত হৈ বিগত ২৪ ঘন্টাত ৯৭ জন লোকৰ মৃত্যু হয় ।

ইফালে দেশত সৰ্বমুঠ কোৰোনাত আক্ৰান্ত হৈছে ১,০৯,৬৩,৩৯৪ জন । কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১,০৬,৬৭,৭৪১ জনে । কোৰোনা আক্ৰান্ত হৈ দেশত সৰ্বমুঠ মৃত্যু হয় ১,৫৬,১১১ জনৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in