২৪ ঘন্টাত দেশত ৯১,৭০২ জন কোভিড পজিটিভ…

২৪ ঘন্টাত দেশত ৯১,৭০২ জন কোভিড পজিটিভ…

ডিজিটেল ডেস্কঃ দেশত অতি লেহেমীয়া গতিত হ'লেও ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে নতুনকৈ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। যোৱা ২৪ ঘন্টাত ভাৰতত ৯১৭০২জনৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ বিপৰীতে ৩৪০৩জন লোকে হেৰুৱাইছে প্ৰাণ। এই লোক কেইজনৰ দেহত নতুন কোৰোনা ধৰা পৰাৰ পাছতে দেশত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২৯২৭৪৮২৩জনলৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্রণালয়ে জাৰি কৰা তথ্য অনুসৰি, ভাৰতত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১২১৬৭১জন ৰোগী। যোৱা ২৪ ঘন্টাত দেশত সুস্থ হৈছে ১৩৪৫৮০জন লোক। ইফালে, টীকাকৰণৰ সন্দৰ্ভত প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাৰ এই সময়চোৱাত দেশত ৩২৭৪৬৭২জন লোকক কোভিড ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ পাছতে ভাৰতত বৰ্তমানলৈ ভেকচিন প্ৰদান কৰা লোকৰ সংখ্যা ২৪৬০৮৫৬৪৯জনলৈ বৃদ্ধি পাইছে। আনহাতে, যোৱা ২৪ ঘন্টাত দেশত কোভিড টেষ্ট কৰাই ২০৪৪১৩১জন লোকে। দেশত বৰ্তমান সময়ত কোৰোনা সংক্ৰমিত হাৰ ৪.৪৮ শতাংশ। উল্লেখ্য যে, দেশৰ আন প্ৰান্তৰ লগতে অসমতো কোৰোনাৰ সংক্ৰমণ কিছু পৰিমান হ্ৰাস পাইছে।

অসমত ১০ জুন, ২০২১ত এনএইচএম-য়ে প্ৰকাশ কৰা তথ্য অনুসৰি ৩৭৫৬জন লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ বিপৰীতে সুস্থ হয় ৫১২৩জন লোক। ইফালে, দিনটোত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৫১জন লোকৰ। এতিয়ালৈকে অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৪৫০২০১জনলৈ পাইছে বৃ্দ্ধি। ইফালে, আৰোগ্য হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৩৯৭৯২৯জনলৈ। ৰাজ্যত বৰ্তমান সময়ত পজিটিভিটী ৰেট ৩.০৭ শতাংশ। আনহাতে, বৰ্তমানো ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪৭০৮১জন ৰোগী। উল্লেখ্য যে কোৰোনাত আক্ৰান্ত হৈ এতিয়ালৈকে অসমত মৃত্যু হৈছে ৩৮৪৪জন লোকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in