ছেমি ফাইনেলৰ এটাও বল নেখেলাকৈ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়াৰ…

ছেমি ফাইনেলৰ এটাও বল নেখেলাকৈ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়াৰ…
  • প্ৰথমবাৰৰ বাবে আই চি চি মহিলা টি-২০ বিশ্বকাপত ফাইনেলত প্ৰৱেশ কৰিছে টীম ইণ্ডিয়াই।
  • ভাৰত আৰু ইংলেণ্ডৰ মাজত বৃহস্পতিবাৰে ছেমি ফাইনেল মেচখন খেলাৰ কথা আছিল যদিও বৰষুণৰ বাবে বাতিল কৰা হয়।
  • বিশ্বকাপৰ পইন্টৰ তালিকাত শীৰ্ষ স্থানত থকাৰ বাবেই ভাৰতে পোনতে ফাইনেল খেলাৰ সুযোগ লাভ কৰিছে।
চিডনীত বৰষুণ
  • চিডনীত ভাৰতীয় সময়নুসৰি পুৱা ৯.৩০ বজাৰ পৰা খেলখন আৰম্ভ হোৱাৰ কথা আছিল যদিও বৰষুণৰ বাবে সেয়া সম্ভৱ নহ'ল।
  • বিগত প্ৰায় দুদিন ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত বিশ্বকাপৰ কেইবাখনো খেল বাতিল কৰিব লগা হৈছে আই চি চিয়ে।
  • ইফালে দুপৰীয়াৰ পৰা আৰম্ভ হ'ব লগা অষ্ট্ৰেলিয়া-দক্ষিণ আফ্ৰিকাৰ মেচখনো স্থগিত কৰাৰ সম্ভৱনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in