কোন ৰাজনৈতিক দল কিমান ধনী? বিজেপি, কংগ্ৰেছ আৰু কোন…

কোন ৰাজনৈতিক দল কিমান ধনী? বিজেপি, কংগ্ৰেছ আৰু কোন…

এতিয়া নিৰ্বাচনৰ বতৰ। সকলো ৰাজনৈতিক দলকে প্ৰয়োজন হ'ব পৰ্যাপ্ত পুঁজি। ধনৰ অভাৱত বিজেপিৰ সৈতে মিত্ৰতা কৰা অগপৰ দৰে দেশত থকা আন আঞ্চলিক ৰাজনৈতিক দলসমূহৰ বিত্তীয় অৱস্থা কেনেকুৱা? বিজেপি, কংগ্ৰেছৰ বিত্তীয় অৱস্থাৰ বিপৰীতে দেশৰ আন ৭ ৰাষ্ট্ৰীয় দলৰ বিত্তীয় অৱস্থাৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কৰ ডিম্পুল বৰগোহাঁইৰ বিশেষ প্ৰতিবেদন…

নিৰ্বাচনৰ বতৰ। ৰাজনৈতিক দল সমূহৰ পচন্দৰ প্ৰাৰ্থীয়ে পাব টিকট, প্ৰাৰ্থীয়ে প্ৰচাৰ চলাব আৰু কোনোবা জয়ী হ'ব, কোনোবাই মুখ থেকেচা খাব। এনেকৈয়ে পাৰ হয় সকলো নিৰ্বাচন। পঞ্চায়ত, বিধান সভা, লোকসভা সকলো নিৰ্বাচনতেই চলে এনে প্ৰক্ৰিয়া। নিৰ্বাচনৰ পূৰ্বে ভগৱানতুল্য হৈ পৰা ভোটাৰ ৰাইজ, অনাগত ৫ বছৰৰ বাবে গুৰুত্বহীন হৈ পৰে। তেওলোকক অভাৱ-অভিযোগবোৰৰ নাথাকে কোনো মূল্য।

আজিৰ পৰা প্ৰায় ৩ বছৰৰ পূৰ্বতে ছচিয়েল মিডিয়া ফেচবুকত ভাইৰেল হৈছিল এটা ভিডিঅ। ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকমূৰ্হুতৰ এই ভিডিঅ'টোৱে জোকাৰি গৈছিল ৰাজ্যৰ ৰাজনৈতিকভাৱে সচেতন মহলক। ভিডিঅ'টোত এগৰাকী ৮০ বছৰ উৰ্ধৰ বৃদ্ধাক এজন যুৱকে প্ৰশ্ন কৰিছিল- আইতা এইবাৰ ভোট কাক দিব? যুৱকজনৰ প্ৰশ্নত ১ চেকেণ্ডো পলম নকৰাকৈ বৃদ্ধা গৰাকীয়ে উত্তৰ দিছিল- 'যি পাৰ্টিয়ে পইচা বেছি দিব সেই পাৰ্টিকে দিম।' এই ভিডিঅ'টো প্ৰত্যক্ষ কৰা একাংশই মতপোষণ কৰিছিল, 'এনে অজ্ঞলোকে গণতন্ত্ৰত ভোটাধিকাৰৰ শক্তিৰ বিষয়ে বুজি নাপায় বাবেই বহু অযোগ্য প্ৰাৰ্থী ধনবল প্ৰয়োগ কৰিয়েই শাসনৰ গাদী দখল কৰে।' কিন্তু এই বিষয়টোত এচামে আইতাগৰাকীক সমৰ্থন জনাইছিল। তেও লোকৰ মত আছিল- 'যিহেতু শাসনৰ গাদী দখলৰ পাছত জনপ্ৰতিনিধি সকলে প্ৰায় সংখ্যকেই ৰাইজৰ অভাৱ-অভিযোগৰ প্ৰতি পিঠি দিয়ে গতিকে নিৰ্বাচনৰ পূৰ্বেই যিমান পাৰি তেওলোকৰ পৰা সুবিধা আদায় কৰিব লাগে।' এয়া দুটা পক্ষই দিয়া যুক্তিহে। কিন্তু এই সমগ্ৰ ঘটনাটোৱে এটা কথা পৰিষ্কাৰ কৰে যে- নিৰ্বাচনত জয়ী হোৱা জনপ্ৰতিনিধিৰ প্ৰতি জনতাৰ আস্থা নাই। ভাষণৰ কথা আৰু জয়যুক্ত হৈ কৰা কামৰ মাজত কোনো মিল নথকাৰ বাবেই আজিৰ জনপ্ৰতিনিধি সকলে এনেদৰে ৰাইজৰ আস্থা হেৰুৱাইছে। পইচা বেছি দিয়া পাৰ্টিক বৃদ্ধা গৰাকীয়ে ভোট দিম বুলি কোৱা কথাষাৰক সমৰ্থন কৰিব নোৱাৰি যদিও বৃদ্ধাগৰাকীৰ এই কথাষাৰ আচলতে নিৰ্বাচিত হোৱা জনপ্ৰতিনিধি সকলে জয়ী হোৱা পাছত ৰাইজক কৰা বঞ্চনাৰ ক্ষোভৰ বহিঃপ্ৰকাশহে।

এটা দল বা সংগঠনত কেৱল দলীয় কৰ্মী থাকিলেই সম্পূৰ্ণ নহয়। এটা সংগঠনৰ কাম-কাজ সুচাৰুৰূপে চলিবলৈ হ'লে সু নিদিৰ্ষ্ট কাৰ্যপন্থা, নীতি-আদৰ্শ, সবল নেতৃত্বৰ লগতে অৰ্থনৈতিক ভেটিও সবল হ'ব লাগিব। অপ্ৰিয় হলেও এটা কথা সত্য যে, এটা দল বা সংগঠন চলিবলৈ পৰ্যাপ্ত ধন লাগিবই। এই ধন দল-সংগঠনে কৰ পৰা সংগ্ৰহ কৰিব। দল বা সংগঠনৰ সদস্যসকলে কেনেদৰে পুজি সংগ্ৰহ কৰে এয়া আমাৰ আলোচনাৰ বিষয় নহয়। কিন্তু এটা কথা ঠিক যে পু্জিৰ অভাৱ হলে কোনো দল-সংগঠনে নিজ কৰ্ম সুচাৰুৰূপে সম্পাদন কৰিব নোৱাৰে।

এটা ৰাজনৈতিক দলে দলৰ বাবে পুজি এক প্ৰক্ৰিয়াৰ মাজেদি সংগ্ৰহ কৰে। নিতান্তই সকলো দলৰ পুজি সংগ্ৰহৰ প্ৰক্ৰিয়াৰ ভিন্নতা আছে। উদাহৰণস্বৰূপে- কিছুদিনৰ পূৰ্বে বিজেপি দলে এটা এপৰ জৰিয়তে পুজি সংগ্ৰহ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে সভা-সমিতিৰ যোগেদি দলৰ বাবে পুজি সংগ্ৰহ কৰিছিল।

এই প্ৰতিবেদনৰ ওপৰত কৈ অহাৰ দৰে পৰ্যাপ্ত পুজিৰ অবিহনে যে এটা দলৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাত কোনোবাখিনিত যে কেৰোণ লাগে তাৰ উদাহৰণ হিচাপে আমি অসমৰ আঞ্চলিক ৰাজনৈতিক দল অগপৰ কথাকে উল্লেখ কৰিব পাৰো। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিলৰ ঘোৰ বিৰোধিতা কৰি আঞ্চলিক দলটোৱে ত্যাগ কৰিছিল বিজেপিৰ সংগ। মন্ত্ৰীত্ব ত্যাগ কৰি চৰকাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত প্ৰতিবাদৰ জোৱাৰ সৃষ্টি কৰিলে। কিন্তু ৬০ দিনৰ পাছতে এই আঞ্চলিক দলটোৱে পুনৰ বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰিলে। মিত্ৰতা স্থাপন কৰা প্ৰধান কাৰণৰ ভিতৰত আছিল লোকসভা নিৰ্বাচনত অৱৰ্তীণ হ'ব পৰাকৈ অগপ দলটো অৰ্থনৈতিক ভাৱে দুৰ্বল। খোদ দলৰ নেতৃত্বই স্বীকাৰ কৰিলে এই কথা। অগপ-বিজেপিৰ এই মিত্ৰতাক লৈ বৰ্তমানেও সমগ্ৰ অসমত ক্ষুন্ন হৈ আছে জাতীয়তাবাদ চেতনালদ্ধ বহু লোক। কোনোৱে কোনোৱে এই বুলিও মন্তব্য কৰিলে ' অগপ নেতৃত্বৰ এই সিদ্ধান্তই অসমৰ আঞ্চলিক দলটোৰ কফিনত মাৰিলে শেষৰটো গজাল।

অসমৰ আঞ্চলিক দল অসম গণ পৰিষদৰ দৰে সমগ্ৰ ভাৰতবৰ্ষত আছে কেইবাটাও আঞ্চলিক দল। নিজ নিজ ৰাজ্যত এই দলসমূহৰ ভেটি যথেষ্ট মজবুত। এনে ৰাজ্যত ৰাষ্ট্ৰীয় দলসমূহেহে বহু আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰিবলৈ আগ্ৰহী হৈ থাকে। ভাৰতবৰ্ষত লেখত লবলগীয়া প্ৰায় ২৪ টা আঞ্চলিক ৰাজনৈতিক দল আছে। ২০১৬-১৭ বৰ্ষৰ বিত্তীয় বৰ্ষত ভাৰতবৰ্ষত আঞ্চলিক দল সমূহৰ ভিতৰত সবাতোকৈ বেছি আয় কৰা ১০ টা আঞ্চলিক ৰাজনৈতিক দল হ'ল-

১. সমাজবাৰ্দী পাৰ্টিঃ উত্তৰ প্ৰদেশৰ এই আঞ্চলিক ৰাজনৈতিক দলটোৰ মুখ্য কাৰ্যালয় আছে দিল্লীত। এই দলটোৰ সবল ভেটি আছে উত্তৰ প্ৰদেশত। ১৯৯২ চনৰ ৪ অক্টোবৰ মাহত স্থাপন কৰা এই দলটোৰ প্ৰতিষ্ঠা কৰিছিল মুলায়েম সিঙ যাদৱে। চলিত বৰ্ষৰ ৪ অক্টোবৰত ২৬ বছৰ সম্পূৰ্ণ কৰিবলগীয়া দলটোৰ বৰ্তমানৰ সভাপতি অভিলেষ যাদৱ। ২০১৬-১৭ বিত্তীয় বৰ্ষৰ এই দলটোৱে ৮২.৭৬ কোটি টকা আয়েৰে প্ৰথম স্থানত আছিল।

২. তেলেগু দেশম পাৰ্টিঃ  ২০১৬-১৭ বিত্তীয় বৰ্ষৰ আয়ৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে অন্ধ প্ৰদেশৰ তেলেগু দেশম পাৰ্টি। বৰ্তমান এই দলৰেই চৰকাৰ অন্ধত। মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু এই দলৰ সভাপতি। এই দলটো প্ৰতিষ্ঠা হৈছিল ১৯৮২ চনৰ ২১ মাৰ্চ। ২০১৬-১৭ বৰ্ষত এই দলটোৰ আয় আছিল ৭২.৯২ কোটি।

৩. এ আই এ ডি এম কেঃ তামিলনাডুৰ এই ৰাজনৈতিক দলটোৰ প্ৰতিষ্ঠা হৈছিল ১৯৭২ চনৰ ১৭ অক্টোবৰত। বৰ্তমান এই দলটোৰ সভাপতি ই. মধুসুন্দনান। ২০১৬-১৭ বিত্তীয় বৰ্ষত এই দলটোৰ আয় ৪৮.৮৮ কোটি।

৪. শিৱসেনাঃ মহাৰাষ্ট্ৰত সবল স্থিতি আছে শিৱসেনাৰ। ১৯৬৬ চনত ১৯ জুনত বাল থাকৰেই প্ৰতিষ্ঠা কৰা এই দলটো বৰ্তমান এন ডি এৰ সহযোগী দল। এই দলটোৰ বৰ্তমানৰ চেয়াৰমেন হৈছে উদ্ধৱ থাকৰে। ২০১৬-১৭ বৰ্ষত এই দলটোৰ আয়- ৩১.৮২ কোটি টকা।

৫. শিৰোমণি অকালি দলঃ পঞ্জাৱত সবল ভেটি থকা এই দলটো বহু পুৰণি আঞ্চলিক দল। ১৯২০ চনৰ ১৪ ডিচেম্বৰতে প্ৰতিষ্ঠা হৈছিল এই দলটো। এই দলটোৰ বৰ্তমানৰ সভাপতি শুকবীৰ সিঙ বাদল। ২০১৬-১৭ বিত্তীয় বৰ্ষত এই দলটোৰ আয় আছিল ২১.৮৯ কোটি।

৬. মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাঃ মহাৰাষ্ট্ৰৰ এই আঞ্চলিক দলটোৰ প্ৰতিষ্ঠা হৈছিল ২০০৬ চনৰ ৯ মাৰ্চত। ৰাজ থাকৰে প্ৰতিষ্ঠা কৰা এই দলটোৰ মুখ্য কাৰ্যালয় আছে দাদৰত। এই দলটোৰ ২০১৬-১৭ বৰ্ষত আয় হৈছ- ১১.৬৭ কোটি।

৭. এ আই এম আই এমঃ তেলেংগানাত সবল ভেটি থকা এই দলটোও যথেষ্ট পুৰণি। ১৯২৭ চনৰ ১২ নৱেম্বৰত প্ৰতিষ্ঠা হোৱা এই দলটোৰ বৰ্তমানৰ সভাপতি অছুদ্দীন অবেছী। ২০১৬-১৭ বৰ্ষৰ এই দলটোৰ আয় ৭.৪২ কোটি টকা।

৮. জনতা দল (চেকুলাৰঃ এই দলট প্ৰতিষ্ঠা কৰিছিল ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া। বৰ্তমানো এই দলটোৰ সভাপতি পদত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰীজন। ১৯৯৯ চনৰ জুলাই মাহত প্ৰতিষ্ঠা হোৱা জনতা দল চেকুলাৰ আৰু কংগ্ৰেছৰ মিত্ৰতা চৰকাৰ চলি আছে কণাৰ্টকত। ২০১৬-১৭ বৰ্ষত এই দলটোৰ আয় আছিল ৭.১৩ কোটি।

৯.ৰাষ্ট্ৰীয় লোক দলঃ ১৯৯৬ চনত প্ৰতিষ্ঠাচ হোৱা এই দলটোৰ বৰ্তমানৰ সভাপতি অজিত সিং। এই আঞ্চলিক দলটোৰ ২০১৬-১৭ বৰ্ষত মুঠ আয় আছিল ৭.০৮ কোটি।

১০. তেলেংগানা ৰাষ্ট্ৰীয় সমিতিঃ তেলেংগানাত অতি সবল ভেটি আছে দলটোৰ। ২০০১ চনৰ ৭ এপ্ৰিলত প্ৰতিষ্ঠা হোৱা দলটোৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাও। ২০১৬-১৭ বৰ্ষৰ এই দলটোৰ আয় আছিল ৩.৭৯ কোটি টকা।

এয়া আছিল ভাৰতবৰ্ষৰ ১০ টা আঞ্চলিক ৰাজনৈতিক দলৰ ২০১৬-১৭ বৰ্ষৰ আয়। এই দলসমূহে জন্মলগ্নৰে পৰা দলৰ সকলো দিশ সুকলমে পৰ্যালোচনা কৰা ফলতে আজি দেশৰ ৰাজনীতিত এক সক্ৰিয় ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ পাছতে আহিছো ভাৰতবৰ্ষত থকা সাতটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ অৰ্থনৈতিক অৱস্থালৈ। এই দলকেইটা হৈছে- বিজেপি, কংগ্ৰেছ, বহুজন সমাজ পাৰ্টি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি( মাক্সবাদী), ভাৰতীয় কমিউনিষ্ট পাৰ্টি, তৃণমূল কংগ্ৰেছ আৰু ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টি।

এক সমীক্ষা অনুসৰি ২০১৬-১৭ বিত্তীয় বৰ্ষত দেশৰ আটাইতকৈ ধনী ৰাজনৈতিক দল আছিল বিজেপি। ভাৰতবৰ্ষৰ এই ৭ টা ৰাষ্ট্ৰীয় দল ২০১৬-১৭ বিত্তীয় বৰ্ষত মুঠ আয় আছিল- ১৫.৫৯ বিলিয়ন অৰ্থাৎ ১৫০০ কোটিতকৈ অধিক আৰু এই বিত্তীয় বৰ্ষত এই দলসমূহৰ ব্যয় হৈছিল ১২.২৮ বিলিয়ন অৰ্থাৎ ১২০০ কোটিকৈ অধিক টকা।

১. বিজেপিঃ শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰে পৰা অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল বিজেপিৰ আয়। ১৯৮০ চনৰ ৬ এপ্ৰিলত প্ৰয়াত অটল বিহাৰী বাজপেয়ীয়ে প্ৰতিষ্ঠা কৰা এই দলটোৰ বৰ্তমানৰ সভাপতি অমিত শ্বাহ। তথ্য অনুসৰি ২০১৬-১৭ বিত্তীয় বৰ্ষৰ এই দলটোৰ আয় আছিল প্ৰায় ১০.০৩ বিলিয়ন আৰু খৰচৰ পৰিমান আছিল ৭.১ বিলিয়ন। বিজেপিৰ এই আয় মুঠ সাতটা দলৰ আয়ৰ ৬৬.৩৪ শতাংশ। তথ্য অনুসৰি বিজেপিৰ ২০১৫-১৬ বিত্তীয় বৰ্ষতকৈ ৮১ শতাংশ পুজি বৃদ্ধি পালে ২০১৬-১৭ বৰ্ষত। বিজেপিৰ ২০১৫-১৬ বৰ্ষত আয় আছিল- ৫৭০.৪৬ কোটি আৰু ২০১৬-১৭ বৰ্ষত হলগৈ ১,০৩৪.২৭ কোটি।

২. কংগ্ৰেছঃ খবৰ অনুসৰি বিগত কেইটামান বছৰ ধৰি কংগ্ৰেছ দল বিত্তীয় সংকটত। লোকচানৰ মাজেৰে চলি আছে দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটো। বৰ্তমান দলটোৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে দলটোক পুন থন ধৰাই উঠাব পৰা নাই বুলি বহুতে কব খোজে। ২০১৬-১৭ বৰ্ষত কংগ্ৰেছৰ মুঠ আয় ২.২৫ বিলিয়নৰ পৰিৱতে এই বৰ্ষটোত দলটোৰ খৰচৰ পৰিমাণ আছিল ৩.২১ বিলিয়ন। অৰ্থাৎ কেইবাকোটিৰো ধাৰত পোত গৈ আছে কংগ্ৰেছ দল। ২০১৫-১৬ বৰ্ষতকৈ ১৪ শতাংশ আয় হ্ৰাস পালে কংগ্ৰেছ দলটোৰ। কংগ্ৰেছৰ ২০১৫-১৬ ত আয় আছিল ২৬১.৫৬ কোটি আৰু ২০১৬-১৭ বৰ্ষত হলগৈ ২২৫.৩৬ কোটি।

৩. চি পি আইঃ চি পি আই দলৰ বিত্তীয় অৱস্থায়ো বৰ ভাল নহয়। ২০১৬-১৭ বৰ্ষত ৰাষ্ট্ৰীয় দলসমূহৰ ভিতৰত এই দলটোৰ আয়েই আছিল ২০.৭৯ মিলিয়ন। ৭ টা ৰাষ্ট্ৰীয় দলৰ মুঠ আয়ৰ ভিতৰত চি পি আইৰ এই আয় ০.১৩ শতাংশ।

৪. বহুজন সমাজ পাৰ্টিঃ বহুজন সমাজবাদী পাৰ্টিৰ বিত্তীয় অৱস্থা খুবেই ভাল বুলি কব পাৰি। ১৯৮৪ চনৰ ১৪ এপ্ৰিলত প্ৰতিষ্ঠা কৰা এই দলটোৰ প্ৰতিষ্ঠাপক সভানেত্ৰী মায়াৱতী। ২০১৫-১৬ বিত্তীয় বৰ্ষত এই দলটোৰ আয় আছিল মাত্ৰ ৪৭.৩৮ কোটি টকা ইয়াৰ বিপৰীতে ২০১৬-১৭ বিত্তীয় বৰ্ষত এই দলটোৰ আয় বৃদ্ধি পাই হ'লগৈ ১৭৩.৫৮ কোটি টকা।

৫. এন চি পিঃ এচিপি দলৰো বিত্তীয় অৱস্থা সুস্থিৰ। শৰদ পৱাৰ সভাপতিত্বত চলি থকা এই দলটো ১৯৯৯ চনৰ ১০ জুনত প্ৰতিষ্ঠা হৈছিল। ২০১৫-১৬ বিত্তীয় বৰ্ষত এই দলটোৰ আয় আছিল ৯.১৩৭ কোটি টকা। কিন্তু ২০১৬-১৭ বৰ্ষত এই দলটোৰ আয় ৮৮.৬৩ শতাংশ বৃদ্ধি হৈ হ'লগৈ ১৭.২৩৫ কোটি টকা।

৬.তৃণমূল কংগ্ৰেছঃ পশ্চিম বংগত শক্তিশালী ভেটি থকা দল তৃণমূল কংগ্ৰেছ দল প্ৰতিষ্ঠা হৈছিল ১৯৯৮ চনৰ ১ জানুৱাৰীত। এই দলটো প্ৰতিষ্ঠা কৰিছিল মমতা বেনাৰ্জীয়ে। বৰ্তমান এই দলটোৰ বিত্তীয় অৱস্থা খুবেই ভাল বুলি কব নোৱাৰি। তথ্য অনুসৰি ২০১৫-১৬ বৰ্ষতকৈ ২০১৬-১৭ বৰ্ষত এই দলটোৰ আয় হ্ৰাস পালে ৮১.৫২ শতাংশ। ২০১৬-১৭ বৰ্ষত এই দলটোৰ আয় ৬৩.৯ কোটি টকা।

চি পি আই (এমঃ ১৯৬৪ চনৰ ৭ নৱেম্বৰত প্ৰতিষ্ঠা হোৱা এই দলটো প্ৰতিষ্ঠাপক জ্যোতি বসু। ২০১৫-১৬ বৰ্ষত এই দলটোৰ আয় আছিল ১০৭.৪৮ কোটি টকা।কিন্তু ২০১৬-১৭ বিত্তীয় বৰ্ষত দলটোৰ আয় ৬.৭২ শতাংশ হ্ৰাস পাই হ'লগৈ ১০০.২৫ কোটি টকা।

এয়া আছিল দেশৰ ৭ টা ৰাষ্ট্ৰীয় দলৰ ২০১৬-১৭ বৰ্ষৰ আয়।

আসন্ন ২০১৯ৰ লোকসভা নিৰ্বাচন।তাৰিখ ঘোষণা হোৱাৰ পাছতে দেশৰ ৰাজনৈতিক দল সমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। ৫৪৩টা লোকসভা সমষ্টিত ৭ পৰ্যায়ত অনুষ্ঠিত হ'বলগা এই নিৰ্বাচনৰ ফলাফল ২৩ মে'ত ঘোষণা কৰা হ'ব। বিগত নিৰ্বাচন সমূহৰ দৰে এইবাৰৰ নিৰ্বাচনৰ পূৰ্বেও ৰাজনৈতিক দলসমূহে প্ৰচাৰৰ বাবে ব্যয় কৰিব কোটি কোটি টকা। কাৰ্ণেগীএণ্ডডুমেন্ট ফ'ৰ ইন্টাৰনেশ্যনেল পীচৰ দক্ষিণ এছিয়াৰ প্ৰগ্ৰেমৰ সঞ্চালক আৰু জ্যেষ্ঠ ফেল'মিলন বৈষ্ণৱ নামৰ  বিশেষজ্ঞৰ দাবী ২০১৯ৰ নিৰ্বাচন হ'ব বিশ্বৰ আটাইতকৈ বেছি ব্যয়বহুল নিৰ্বাচন।২০১৯ৰ নিৰ্বাচনত মুঠ ব্যয় হ'ব প্ৰায় ৭০ হাজাৰ কোটি টকী। তেওঁৰ দাবী, ২০১৪ চনৰ ভাৰতৰ লোকসভা নিৰ্বাচনত ব্যয় হৈছিল ৩৫ হাজাৰ কোটিৰো অধিক ধন। ২০১৯ৰ লোকসভা নিৰ্বাচনত এই ব্যয় দুগুন বৃদ্ধি পাব।

নিৰ্বাচন আয়োগৰ তথ্য মতে, নিৰ্বাচনৰ তাৰিখ ঘোষণা নৌহওঁতেই বিগত ফেব্ৰুৱাৰী মাহত ফেচবুকৰ বিজ্ঞাপনত বিজেপিয়ে ২.৩৭ কোটি, কংগ্ৰেছে ১০.৬ লাখ টকা ব্যয় কৰিছে। কেৱল দল বা প্ৰাৰ্থীৰ ব্যয়ে বৃদ্ধি পাইছে, তেনে নহয়। অভাৱনীয় ভাৱে বৃদ্ধি পাইছে নিৰ্বাচন আয়োগৰ ব্যয়ো। ২০০৪ চনত ১১১৪ কোটি টকা, ২০০৯ চনত ১৪৮৩ কোটি টকা আৰু ২০১৪ চনৰ লোকসভা নিৰ্বাচনত নিৰ্বাচন আয়োগৰ ব্যয় হৈছিল ৩৮৭০ কোটি টকা।

সেয়া যি কি নহ'লেও ৰাজনীতিত কেৱল ধনবলেই সকলো নহয়। 'জোৰ যাৰ মুলুক তাৰ' কেতিয়াবা হ'ব পাৰে যদিও যোগ্য জনৰ আদৰ সদায় বেছি। কিয়নো এষাৰ কথা আছে 'যোগ্য ভোগ্য বসুন্ধৰা'।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in