ইংলেণ্ডৰ বিৰুদ্ধে অন্তিম টেষ্টটো পৰাস্ত ভাৰত

ইংলেণ্ডৰ বিৰুদ্ধে অন্তিম টেষ্টটো পৰাস্ত ভাৰত

ডিজিটেল ডেস্কঃ  ভাৰত আৰু ইংলেণ্ডৰ চলিত  টেষ্ট শৃংখলাৰ অন্তিমখন খেলত বিজয় সাব্যস্ত কৰে ইংলেণ্ড। লণ্ডনত অনুষ্ঠিত খেলখনত ঘৰুৱা দলটোৱে ভাৰতক ১২২ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে।

দ্বিতীয় ইনিংছত ৪৬৪ ৰানৰ বিজয় লক্ষ্য আগত লৈ ভাৰতীয় দলটো ৩৪৫ ৰানতে অলআউট হয়। লোকেশ ৰাহুল আৰু ঋষভ পণ্টে শতকীয়া ইনিংছ উপহাৰ দিয়ে যদিও ব্ৰিটিছ বাহিনীৰ সমুখত শেষ ৰক্ষা কৰিবলৈ সেয়াই যথেষ্ট নহ'ল।

উল্লেখ্য যে প্ৰখম ইনিংছত ইংলেণ্ডে ৩৩২ আৰু দ্বিতীয় ইনিংছত ৪২৩ ৰান স্ক'ৰ কৰিছিল। ভাৰতে নিজৰ প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল ২৯২ ৰান।

দলৰ জয়ত মুখ্য ভূমিকা লোৱ এলিষ্টাৰ কুক মেন অব দ্য মেচ বিবেচিত হোৱাৰ বিপৰীতে যুটীয়াভাৱে মেন অব দ্য ছিৰিজৰ সন্মান লাভ কৰে বিৰাট কোহলি আৰু ছেম কুৰানে। ইফালে এই জয়েৰে ৫খন মেচৰ শৃংখলটো ৪-১ ব্যৱধানত হস্তগত কৰে ঘৰুৱা দলটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in