লকডাউনৰ বাদে অন্য পথ নাই! এই ২১ দিনত কি কি নিয়ম আপুনি মানিব লাগিব…

লকডাউনৰ বাদে অন্য পথ নাই! এই ২১ দিনত কি কি নিয়ম আপুনি মানিব লাগিব…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে ২১ দিনৰ লকডাউন। এই সময়চোৱাত অৱশ্যে অত্যাৱশ্যকীয় সেৱাসমূহ ৰেহাই দিয়া হৈছে। লকডাউনৰ সময়চোৱাত নিয়ম ভংগকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে।

লকডাউনৰ সময়ত খোলা থাকিব চৰকাৰী কিছু কাৰ্যালয়। এই সময়চোৱাত ৰেহাই দিয়া বিভাগ আৰু অত্যাৱশ্যকীয় সেৱাসমূহ এনেধৰণৰ-

১. কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয় আৰু ব্যক্তিগত খণ্ডৰ কাৰ্যালয়সমূহ বন্ধ থাকিব যদিও সামৰিক, কেন্দ্ৰীয় আৰক্ষী, অৰ্ধসামৰিক বাহিনী, পেট্ৰলিয়াম, এলপিজি, বিদ্যুৎ প্ৰশমন বিভাগ, পষ্ট অফিচ, নেশ্যনেল ইনফৰ্মেটিক চেন্টাৰ আদি এই সময়চোৱাত খোলা থাকিব।

২. সকলো ৰাজ্য চৰকাৰৰ কাৰ্যালয়, কেন্দ্ৰীয় শাসিত অঞ্চলৰ কাৰ্যালয়, স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যালয় বন্ধ থাকিব যদিও ৰাজ্যসমূহৰ আৰক্ষী, হোমগাৰ্ড, চিভিল ডিফেন্স, অগ্নিনিৰ্বাপক আৰু জৰুৰী সেৱা, দুৰ্যোগ প্ৰশমন, কাৰাগাৰ, জিলা প্রশাসন কাৰ্যালয়, কোষাগাৰ, বিদ্যুৎ, পানী যোগান, নিষ্কাশন, পৌৰনিগম আদি খোলা থাকিব যদিও, সেইবোৰৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰয়োজনীয় কৰ্মচাৰীসকলহে কাৰ্যালয়ত উপস্থিত থাকিব।

৩. চিকিৎসালয় আৰু চিকিৎসা সেৱাৰ সৈতে জড়িত আৰু চিকিৎসা সামগ্ৰী উৎপাদনৰ সৈতে জড়িত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসা সেৱা, উৎপাদন আৰ বিতৰণ সৈতে জড়িত ইউনিট, চিকিৎসালয়, নাৰ্ছিংহোম, এম্বুলেন্স সেৱা এই সময়চোৱাত খোলা থাকিব। সকলো ধৰণৰ চিকিৎসা কৰ্মী, পেৰামেডিকেল ষ্টাফ আৰু চিকিৎসালয়ৰ সৈতে জড়িত কৰ্মচাৰীয়ে এই লকডাউনৰ পৰা ৰেহাই পাব।

৪. বাণিজ্য আৰু ব্যক্তিগত খণ্ডৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ থাকিব। ৰাজহুৱা বিতৰণ সেৱাৰ অন্তৰ্গত দোকান, গেলামাল, খাদ্য সামগ্ৰী বিক্ৰী কৰা দোকান, শাক-পাচলি বিক্ৰী কৰা দোকান, গাখীৰ, মাংস, জন্তুৰ খাদ্য, মাছ বিক্ৰী কৰা দোকান আদি আৰু ঘৰত খাদ্য যোগান ধৰা দোকানসমূহ এই সময়চোৱাত খুলিব পাৰিব।

৫. বেংক, ইন্সুৰেন্স আৰু এটিএমসমূহ এই লকডাউনৰ পৰা ৰেহাই দিয়া হৈছে।

৬. প্ৰিন্ট আৰু ইলেক্ট্ৰনিক মাধ্যমক এই লকডাউনৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিছে চৰকাৰে।

৭. টেলিকমিউনিকেশ্যন, ইন্টাৰনেট সেৱা, ব্ৰডকাষ্টিং, কেবল ছাৰ্ভিচ, আই টি ছাৰ্ভিছ আৰু এনেধৰণৰ সেৱা আগবঢ়োৱা প্ৰতিষ্ঠানসমূহকো এই লকডাউনৰ পৰা ৰেহাই দিয়া কথা ঘোষণা কৰিছে চৰকাৰে।

৮. প্ৰয়োজনীয় সামগ্ৰী যেনে- খাদ্য, ঔষধ আদি ই-কমাৰ্চৰ জৰিয়তে যোগান ধৰা প্ৰতিষ্ঠানসমূহকো এই সময়চোৱাত ৰেহাই দিয়াৰ কথা ঘোষণা কৰা হৈছে।

৯. পেট্ৰ'ল পাম্প, এল পি জি আদি এই সময়চোৱাত সেৱা আগবঢ়াব পাৰিব। অৰ্থাৎ এইবোৰ খোলা থাকিব।

১০. কল্ড ষ্টৰেছ আৰু ৱেৰহাউছসমূহ ব্যক্তিগত নিৰাপত্তাৰক্ষী সকলে এই বাধ্যবাধকতাৰ আওতাত নপৰিব।

১১. ইয়াৰ উপৰি উক্ত সময়চোৱাত বন্ধ থাকিব উদ্যোগ, বিভিন্ন সামগ্ৰী উৎপাদনৰ কাৰখানা।কোনো যদি কাৰখানাত উৎপাদন কাৰ্যক্ষম কৰিব খোজে তেনেহলে ৰাজ্য চৰকাৰ আৰু প্ৰশাসনৰ অনুমতি ল'ব লাগিব।

১২. সকলো স্থল পৰিবহন ব্যৱ্স্থা, ৰেল পৰিবহন আৰু বিমান পৰিবহন ব্যৱস্থা বন্ধ থাকিব। কেৱল প্ৰয়োজনীয় সামগ্ৰী যেনে খাদ্য সামগ্ৰী, আইন শৃংখলাজনিত আৰু চিকিৎসা সামগ্ৰী পৰিবহন কৰা বাহনৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ'ব।

১৩. হোটেল, হোম ষ্টে', ল'জ যিবোৰত পৰ্যটকসকলক এই লকডাউনৰ বাবে থকা ব্যৱ্স্থা কৰা হৈছে, সেইবোৰ খোলা ৰখাৰ ব্যৱস্থা কৰা হৈছে।

১৪. সকলো ধৰণৰ শিক্ষা প্ৰতিষ্ঠান এই সময়চোৱাত বন্ধ থাকিব।

১৫. এই সময়চোৱাত কোনো ধৰণৰ ধাৰ্মিক পৰম্পৰা অনুসৰি বহু লোক সমাবেত হৈ কোনো অনুষ্ঠান অথবা ধৰ্মীয় আচাৰবিধিঅনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব।

১৬. সামাজিক , ৰাজনৈতিক, ক্ৰীড়া, একাডেমিক , সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন আৰু জনসমাবেশ বন্ধ থাকিব।

১৭. কোনো লোকৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠিত কৰিবলৈ হ'লে সৰ্বাধিক ২০জন লোককহে অনুমতি দিয়া হ'ব উপস্থিত থকাৰ।

কোৰোনা ভাইৰাছৰ বাবেই এনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশ কাৰ্যকৰী কৰিব জিলা দণ্ডাধীশসকলে। আৰু স্থানীয় ক্ষেত্ৰসমূহত এই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ জিলা দণ্ডাধীশে কাৰ্যবাহী দণ্ডাধীশক নিয়োগ কৰিব।আৰক্ষীয়ে এই ক্ষেত্ৰত সহযোগ আগবঢ়াব। এই নিয়ম ভংগ কৰা সকলৰ বিৰুদ্ধে ডিজেষ্টাৰ মেনেজমেন্ট এক্ট, ২০০৫ৰ অধীনত কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in