দেশত যোৱা ২৪ ঘন্টাত ১৩২৭৮৮জন কোৰোনাত আক্ৰান্ত, প্ৰাণ হেৰুৱাইছে ৩২০৭জনে…

দেশত যোৱা ২৪ ঘন্টাত ১৩২৭৮৮জন কোৰোনাত আক্ৰান্ত, প্ৰাণ হেৰুৱাইছে ৩২০৭জনে…

ডিজিটেল ডেস্কঃ ভাৰতত প্ৰতিদিনাই কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে। যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ ১৩২৭৮৮জন লোক কোৰোনাত আক্ৰান্ত হৈছে। আৰু এই সময়চোৱাত ভাৰতত কোৰোনাত আক্ৰান্ত ৩২০৭জন লোকৰ মৃত্যু হয়। ইফালে, এতিয়ালৈকে দেশত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২৮৩০৭৮৩২জনলৈ বৃদ্ধি পাইছে। ইফালে, দেশত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৭৯৩৬৪৫জনলৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে, যোৱা ২৪ ঘন্টাত ভাৰতত সুস্থ হৈছে ২৩১৪৫৬জনকৈ লোক। লক্ষণীয় যে, দেশত প্ৰতিদিনাই নতুনকৈ কোৰোনাত আক্ৰান্ত লোকৰ বিপৰীতে সুস্থ হোৱা লোকৰ সংখ্যা অধিক। আনহাতে, ভাৰতত অব্যাহত আছে কোভিড ভেকিচন প্ৰদানৰ অভিযান। যোৱা ২৪ ঘন্টাত দেশত ২৩৯৭১৯১জন লোকক কোভিড ভেকচিন প্ৰদান কৰা হৈছে। আৰু ইয়াৰ পাছতে বৰ্তমানলৈ কোভিড ভেকচিন প্ৰদান কৰা লোকৰ সংখ্যা ২১৮৫৪৬৬৬৭জনলৈ বৃদ্ধি পালে। ইফালে, যোৱা ২৪ ঘন্টাৰ সময়চোৱাত দেশত কোভিড টেষ্ট কৰা হৈছে ২০১৯৭৭৩জন লোকৰ। দেশত বৰ্তমান সময়ত কোভিড পজিটিভিটীৰ হাৰ ৬.৫৭ শতাংশ।

ইফালে, ১ জুন, ২০২১ৰ নিশা এনএইচএমৰ তথ্যত প্ৰকাশ কৰিছে যে, অসমত যোৱা ২৪ ঘন্টাত নতুনকৈ ৪৬৮২জন লোক আক্ৰান্ত হৈ কোৰোনা ভাইৰাছত। ৰাজ্যখনত এই সময়চোৱাত সুস্থ হৈছে ৪৯৯২জন লোক। অৰ্থাৎ অসমতো নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱা লোকৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যা অধিক।

অসমত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত হৈ ৫১জন লোকে হেৰুৱাই প্ৰাণ। বৰ্তমানো ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫১৩৩৩জন ৰোগী। ইফালে, অসমতত বৰ্তমানলৈ কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪১৫৮৯৮জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে সুস্থ হৈ ঘৰলৈ উভতিছে ৩৫৯৮০২জন লোক। আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ৩৪১৬জনলৈ বৃদ্ধি পালে। তদুপৰি অসমত নতুনকৈ কোৰোনাত আক্ৰান্ত লোকৰ ভিতৰত ৫১৭জন তিনিচুকীয়াৰ, ৪০৩জন কামৰূপ মেট্ৰ'ৰ, ৩২৪জন কাচাৰ আৰু ৩০৭জন নগাঁৱৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in