কোৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিবেশী ৰাষ্ট্ৰক ভাৰতে বুধবাৰৰ পৰা যোগান ধৰিব ভেকচিন…

কোৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিবেশী ৰাষ্ট্ৰক ভাৰতে বুধবাৰৰ পৰা যোগান ধৰিব ভেকচিন…

ডিজিটেল ডেস্ক : কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত ভাৰতে উল্লেখনীয় পদক্ষেপ গ্ৰহন কৰিছে । ১৬ জানুৱাৰীৰ দিনা বিশ্বৰ সকলোতকৈ ডাঙৰ কোভিড টিকাকৰন কাৰ্যসূচীৰ আৰম্ভ হয় । টিকাকৰন আৰম্ভ হোৱাৰ চাৰি দিনলৈ প্ৰায় লক্ষাধিক স্বাস্থ্য কৰ্মীক ভেকচিন প্ৰদান কৰা হয় ।

ইয়াৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে বিশ্বৰ স্বাস্থ্য সম্বন্ধিত প্ৰয়োজনক পূৰন কৰিবলৈ ভাৰতে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহন কৰিছে । বুধবাৰৰ পৰা ভাৰতে বহু দেশলৈ কোভিড ভেকচিন যোগান ধৰিব ।

জানিব পৰা অনুসৰি বাংলাদেশলৈ বুধবাৰে ২০ লাখ ডোজ বিনামূলীয়া কোভিড ভেকচিন প্ৰদান কৰা হ'ব । চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া ভেকছিন কভিশিল্ড প্ৰেৰণ কৰা হ'ব বাংলাদেশলৈ । তথ্য অনুসৰি ভাৰতে এই ভেকচিন সমূহ বন্ধুত্বপূৰ্ণ সম্বন্ধৰ সদভাবপূৰ্ণ বাৰ্তা হিচাপে প্ৰেৰন কৰা হ'ব । তাৰ পিছত বানিজ্যিক ভিত্তিত বাংলাদেশলৈ প্ৰেৰন কৰা হ'ব কোভিড ভেকচিন ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in