শেহতীয়া খবৰ
নগাঁৱত চৰকাৰী কৰ্মচাৰী, গাওঁ প্ৰধানসহ ১৬ জন মাটিৰ দালাল আৰক্ষীৰ জালত  •  ১৮০০ টকাৰ পেট্ৰলেৰে মাত্ৰ ২ কিলোমিটাৰ চলিল ছুইফট ডিজায়াৰঃ টেংকীত তেলৰ সলনি ওলাল পানী..  •  ধেমাজিৰ জ্যেষ্ঠ অগপ নেতাৰ বিয়োগত শোক...  •  কাৰ্বি আংলংত জব্দ হেৰোইনঃ এজনক আটক  •  বিজেপি নেতা, ব্যৱসায়ীক মাটিৰ দালালৰ অভিযোগত আটক..  •  এম জি এনৰেগাত বৃহৎ কেলেংকাৰিঃ বিডিঅ'ৰ বিৰুদ্ধে গোচৰ...  •  ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে সৰ্বানন্দ সোণোৱালৰ মনোনয়ন দাখিল  •  শ্বৰ্ণিম বিজয় বৰ্ষ উপলক্ষে ভাৰতীয় সেনা বাহিনীৰ বিশেষ আলোচনাচক্ৰ  •  শ্বৰ্ণিম বিজয় বৰ্ষ উপলক্ষে ভাৰতীয় সেনা বাহিনীৰ বিশেষ আলোচনাচক্ৰ  •  চৰকাৰৰ বিৰোধিতা কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে কিন্তু লক্ষ্মণ ৰেখাক অতিক্ৰম কৰিব নালাগে..

কৰ্মচাৰীৰ ভৱিষ্যনিধি সন্দৰ্ভত নতুন নিয়ম…

ডিজিটেল ডেস্কঃ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২১ চনৰ ফেব্ৰুৱাৰীত সংসদত উপস্থাপন কৰা বাজেটত ঘোষণা কৰিছিল যে ২০২১ চনৰ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা নতুন বিত্তীয় বৰ্ষত কৰ্মচাৰীসকলৰ ভৱিষ্যনিধি (পি.এফ)লৈ প্ৰতি বছৰে ২.৫ লাখ টকাতকৈ অধিক ৰখা হ’ব ।

মঙলবাৰে ‘বিত্ত বিধেয়ক ২০২১’ সন্দৰ্ভত লোকসভাত এক আলোচনাৰ উত্তৰত সীতাৰমনে  ভৱিষ্যনিধি(পি.এফ)ত জমাৰ ওপৰত কৰমুক্ত সূতৰ বাৰ্ষিক সীমা ৫ লাখ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে। বিত্ত মন্ত্ৰী গৰাকীয়ে কয়, “মোৰ উদ্দেশ্য হৈছে কেৱল ভৱিষ্যনিধি (পি.এফ)ৰ অৱদানত এই সীমা বৃদ্ধি কৰা য’ত নিয়োগকৰ্তাই পুঁজিত অৰিহণা নিদিয়ে।”

সীতাৰমণে বিধেয়কখন উত্থাপন কৰাৰ পিছত ভইচ ভোটৰ দ্বাৰা গৃহীত হয় । লগতে ২০২১-২২ চনৰ বাবে কৰা কৰ ব্যৱস্থাবোৰ অনুমোদিত হয়। জানিব পৰা মতে, ইয়াত প্ৰস্তাৱিত আইনসমূহত ১২৭ টা সংশোধন গ্ৰহণ কৰাৰ পিছত বিধেয়কখন গৃহীত হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি