আমেথিবাসীলৈ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ উপহাৰ…

আমেথিবাসীলৈ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ উপহাৰ…


ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে আমেথি সংসদীয় সমষ্টিৰ ফুৰ্ছতগঞ্জত সমগ্ৰ বিশ্বৰ ভিতৰত পঞ্চমখন আৰু ভাৰতৰ প্রথমখন বিমান পৰিবহন বিশ্ববিদ্যালয় (AVIATION UNIVERSITY) উদ্বোধন কৰে। বিশ্ববিদ্যালয়খনত প্রথমটো বৰ্ষত দেশৰ বিভিন্ন প্ৰান্তৰ ৩০গৰাকী শিক্ষাৰ্থীৰ নাম ভৰ্তি কৰা হ'ব আৰু শীঘ্ৰে ইয়াত পাঠদান আৰম্ভ কৰা হ'ব।

উল্লেখ্য যে, ২০১৩চনত কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ থকা সময়তে এই বিমান পৰিবহন বিশ্ববিদ্যালয় স্থাপনৰ মঞ্জুৰী দিয়া হৈছিল। ফুৰ্ছতঞ্জৰ ইন্দিৰা গান্ধী একাডেমীৰ ৰূপালী জয়ন্তীত অৰ্থাৎ ২০১১চনত ৰাহুল গান্ধীয়ে এই বিমানন বিশ্ববিদ্যালয়খনৰ কথা নিজ ভাষণ প্ৰসংগত কৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in