শেহতীয়া খবৰ
শোণিতপুৰত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত প্রাৰ্থীৰ তালিকা প্ৰকাশ  •  জাগুনৰ অপহৰণ কাণ্ডৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ  •  মধ্যপ্ৰদেশত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত শিশুসহ ৯জন  •  শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰত ৰাসোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ, খোল-তালৰ ধ্বনিত মুখৰিত চৌদিশ  •  মহানগৰীত ৰড চুৰি কৰিবলৈ আহি আৰক্ষীৰ জালত ৪ চোৰ  •  আক্ৰাছুৰ অসম বন্ধক লৈ বাক্সাৰ গুৱাবাৰীত উত্তেজনা  •  এন ই কে এছ চিৰ কোম্পানীৰ নামত ভুৱা ব্যৱসায় কৰি আৰক্ষীৰ জালত চৌকত আলী  •  মানকাচৰত নিৰ্বাচনী বতাহ, দলীয় বিসম্বাদ আৰু দল বাগৰা ৰাজনীতিৰ মাজতে শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থী  •  নগাঁৱত হঠাৎ পোষ্টাৰৰ পৰা হেৰাইছে ৰাজেন গোঁহাইৰ ফটো!  •  ৰাজকুমাৰ আৰু যতীন য’ত, ১০ টকাতেই বিধে বিধে টেঙাৰ জুতি ত’ত...

ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টত প্ৰথম দিনা ভাৰতৰ ৬ উইকেটত ৩০৭ৰান সংগ্ৰহ

385

ডিজিটেল ডেস্কঃ ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয়খন টেষ্ট আজি আৰম্ভ হৈছে। দুই দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৫খনীয়া টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্ট অনুষ্ঠিত হৈছে নাটিংহামৰ ত্ৰেট ব্ৰীজ খেলপথাৰত।

টছত হাৰি প্ৰথম বেটিং কৰা ভাৰতীয় দলে প্ৰথমদিনা ৬ উইকেটৰ বিনিময়ত ৮৭ অভাৰত ৩০৭ ৰাণ সংগ্ৰহ কৰে। ভাৰতীয় দলৰ হৈ ক্ৰিজলৈ অহা শিখৰ ধাৱানে ৩৫ আৰু লোকেশ ৰাহুলে ২৩ ৰান কৰি আউট হয়।

কেপ্টেইন বিৰাট কোহলিয়ে দীৰ্ঘদিনৰ বিফলতাৰ পাছত আজি শতক ৰান অৰ্জন কৰাৰ সুযোগ লাভ কৰিছিল যদিও ৩ ৰানৰ বাবে শতক কৰাত বিফল হয়। কোহলিয়ে ৯৭ৰানত আউট হোৱাৰ বিপৰীতে এইচ পাণ্ডিয়া ১৮ আৰু আজিংকে ৰাহানেয়ে ৮১ৰান সংগ্ৰহ কৰে।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি