কোৰোনা সংক্ৰমণৰ মাজতে মুখ্যমন্ত্ৰী হ’ল হিমন্ত বিশ্ব শৰ্মা!

কোৰোনা সংক্ৰমণৰ মাজতে মুখ্যমন্ত্ৰী হ’ল হিমন্ত বিশ্ব শৰ্মা!

ডিজিটেল ডেস্কঃ গুৱাহাটীত কোৰোনা ভাইৰাছৰ সংক্ৰমণে অতি ভয়াৱহ ৰূপ ধাৰণ কৰা সময়তে দেশৰ অন্য প্ৰান্তত থকা মানুহে এই খবৰটো বিশ্বাস কৰি লৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত কোভিড-১৯ প্ৰতিৰোধৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছিল। দেশৰ এটা প্ৰতিষ্ঠিত অনলাইন গোষ্ঠীত প্ৰকাশিত হোৱা খবৰক লৈ এতিয়া চলিছে সৰৱ চৰ্চা।

ইণ্ডিয়া ডট ক'ম নামৰ এই সংবাদ গোষ্ঠীটোৱে গুৱাহাটীত লকডাউন দিয়া খবৰৰ সন্দৰ্ভত প্ৰকাশ কৰিছিল এক বাতৰি। যি বাতৰিৰ শিৰোনাম আছিল- '!It's in the Community,' Assam CM Himanta Biswa Sarma Alerts Guwahati Over Covid-19 Spread'

এই খবৰৰ সবিশেষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত গণ সংক্ৰমণ হোৱা বুলি কোৱা কথা উল্লেখ কৰা হৈছে। সেই স্ক্ৰীণ শ্ব'টেই এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় সংবাদমাধ্যমত কেতিয়াবা উপ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী বুলিও হিমন্ত বিশ্ব শৰ্মাক প্ৰকাশ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in