ভাৰতত কোৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ১ মিলিয়ন…

ভাৰতত কোৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ১ মিলিয়ন…

ডিজিটেল ডেস্কঃ ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যাই পাৰ কৰিলে ১ মিলিয়ন তথা ১০ লাখৰ ঘৰ। ৱল্ড মিটাৰ অনুসৰি, ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যা শুকুৰবাৰে পুৱালৈকে হৈছেগৈ ১,০০৪,৩৮৩। এই সংখ্যাৰ ভিতৰত ২৫,৬০৫গৰাকী মৃত্যু হোৱাৰ বিপৰীতে ৬,৩৬,৫৪১গৰাকী সুস্থ হৈ ঘৰলৈ উভটিছে।

দেশত বৰ্তমান ৩,৪২,২৩৭গৰাকী লোক চিকিতসাধীন হৈ আছে। ১০লাখৰ ঘৰ অতিক্ৰম কৰিলেও ভাৰতত আৰোগ্য লাভ কৰা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। ভাৰত আৰোগ্যৰ হাৰ হৈছে প্ৰায় ৬৩ শতাংশ আৰু মৃত্যুৰ হাৰ হৈছে ২.৫৫শতাংশ। বিশ্ব ভিতৰতে কোৰোনাই সৰ্বাধিক ক্ষতিগ্ৰস্থ কৰা দেশৰ ভিতৰত বৰ্তমান তৃতীয় স্থানত আছে ভাৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in