এটা ভাল খবৰঃ ভাৰতত চিকিৎসাধীন ৯০ হাজাৰ লোকৰ বিপৰীতে ৮৭হাজাৰ লোক হৈছে সুস্থ…

এটা ভাল খবৰঃ ভাৰতত চিকিৎসাধীন ৯০ হাজাৰ লোকৰ বিপৰীতে ৮৭হাজাৰ লোক হৈছে সুস্থ…

ডিজিটেল ডেস্কঃ দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা দিনক দিনে অধিক পৰিমাণে বৃদ্ধি পাইছে। শেহতীয়াকৈ বিগত ২৪ঘন্টাত ৮ হাজাৰো অধিক লোক আক্ৰান্ত হৈছে কোৰোনাত। বৰ্তমানলৈ ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১লাখ ৮২হাজাৰ ৪৯০। ইয়াৰ ভিতৰত কোৰোনাই প্ৰাণ লৈছে ৫,১৮৬গৰাকী লোকৰ।

প্ৰতিটো দিনতে কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও আশাৰ খবৰটো হৈছে ভাৰতত বৰ্তমানলৈ প্ৰায় ৮৭হাজাৰ ব্যক্তি কোৰোনামুক্ত হৈছে। ইতিমধ্যে কোৰোনা আক্ৰান্ত হৈ এইসকল লোকে আৰোগ্য লাভ কৰি ঘৰমুৱা হৈছে। আৰোগ্য লাভ কৰা লোকৰ এই সংখ্যাৰ বিপৰীতে ৯০,৩২৩গৰাকী লোক বৰ্তমানো চিকিতসাধীন অৱস্থাত আছে। কিন্তু চিকিতসাধীন ৯০ হাজাৰৰ বিপৰীতে ৮৭হাজাৰ লোক আৰোগ্য লাভ কৰা খবৰটো নিশ্চিতভাৱে এই সময়ত সকলোৰে বাবে এটা ভাল খবৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in