ভাৰতত কোৰোনাই অচিৰেই অতিক্ৰম কৰিব ২লক্ষাধিকৰ ঘৰ..

ভাৰতত কোৰোনাই অচিৰেই অতিক্ৰম কৰিব ২লক্ষাধিকৰ ঘৰ..

ডিজিটেল ডেস্কঃ কোৰোনাই সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছে। বৰ্তমানলৈ বিশ্বত ৬৩লাখৰো অধিক লোক আক্ৰান্ত হৈছে কোৰোনাত। শেহতীয়াকৈ অতি উদ্বেগজনকভাৱে ভাৰততো বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা। প্ৰতিটো দিনতে ৭হাজাৰো অধিক লোক আক্ৰান্ত হোৱা ভাৰতত আক্ৰান্তৰ সংখ্যাই অচিৰেই অতিক্ৰম কৰিব দুই লক্ষাধিক ঘৰ।

বৰ্তমান ১ লাখ ৯৯হাজাৰ ২৪৩গৰাকী লোকৰ আক্ৰান্ত হোৱাৰ ভাৰতত ৭০হাজাৰো অধিক লোক হৈছে মহাৰাষ্ট্ৰৰ। মহাৰাষ্ট্ৰত বৰ্তমানলৈ ৭০হাজাৰ ১৩গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত। তামিলনাডু আৰু দিল্লীত আক্ৰান্তৰ সংখ্যা ২০হাজাৰো অধিক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in