পৰেশ বৰুৱাক কৰায়ত্তৰ লক্ষ্যৰে ভাৰত-চীনৰ বুজাবুজি চুক্তি

পৰেশ বৰুৱাক কৰায়ত্তৰ লক্ষ্যৰে ভাৰত-চীনৰ বুজাবুজি চুক্তি

ডিজিটেল ডেস্কঃ সোমবাৰে ভাৰত আৰু চীনৰ মাজত স্বাক্ষৰিত হ'ব বুজাবুজি চুক্তি। পৰেশ বৰুৱাক কৰায়ত্ত কৰাৰ লক্ষ্যৰে স্বাক্ষৰিত হ'ব এই বুজাবুজি চুক্তি। বেইজিঙত স্বাক্ষৰ হ'বলগীয়া চুক্তিখনত স্বাক্ষৰ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু চীনৰ ৰাজহুৱা নিৰাপত্তা মন্ত্ৰী ঝাও খেঝিয়ে।

সন্ত্ৰাসবাদ, মাদক দ্ৰব্য, তথ্য আদান-প্ৰদান ইত্যাদি বিষয়ত হ'বলগীয়া চুক্তিখন স্বাক্ষৰ হ'লেই পৰেশ বৰুৱাক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত কিছুদূৰ সফল হ'ব দুয়োখন দেশ।

দেশৰ প্ৰশাসন যন্ত্ৰই বহুবাৰ চেষ্টা চলোৱাৰ পাছতো পৰেশ বৰুৱাক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। গৃহ মন্ত্ৰালয়ৰ এক সূত্ৰৰ মতে, এই চুক্তিখনত স্বাক্ষৰ কৰাৰ পাছতে পৰেশ বৰুৱাক কৰায়ত্ত কৰিব পাৰিব প্ৰশাসনে। কিয়নো বুজাবুজি চুক্তিখনৰ জৰিয়তে দুয়োখন দেখে নিজ নিজ নিৰাপত্তাৰ ক্ষেত্ৰত তথ্য যোগান তথা আদান প্ৰদানৰ বাবে দায়বদ্ধ হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in