ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী এলেকাত ১৫০০ পৰিয়ালৰ মাজত এনটিপিচিৰ বিনামূলীয়া খাদ্য-সামগ্ৰী ,মাস্ক বিতৰণ…

ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী এলেকাত ১৫০০ পৰিয়ালৰ  মাজত এনটিপিচিৰ বিনামূলীয়া খাদ্য-সামগ্ৰী ,মাস্ক বিতৰণ…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভাৰত -ভূটান সীমান্তৱৰ্তী এলেকাৰ প্ৰায় ১৫০০ টা পৰিয়ালৰ মাজত আজিৰে পৰা খাদ্য সামগ্ৰী বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে । মহামাৰী কৰোনা ভাইৰাছৰ ফলত উদ্ভৱ হোৱা খাদ্য সংকটৰ প্ৰতি লক্ষ্য ৰাখি এনটিপিচিয়ে বিনামূলীয়ভাৱে প্ৰদান কৰা খাদ্য-সামগ্ৰী আজি উক্ত অঞ্চলত বিতৰণ কৰে কোকৰাঝাৰ ৰাজহ চক্ৰ বিষয়া দীপন বৰ্মনে ৷ এই সন্দৰ্ভত কোকৰাঝাৰৰ ৰাজহ চক্ৰ বিষয়া দীপন বৰ্মনে সংবাদমাধ্যমক জনোৱা অনুসৰি কৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে একৈশদিনীয়া দেশজোৰা লক ডাউনৰ পৰিণতিত বহু দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সংকটে দেখা দিছে ।

ভাৰত -ভূটান সীমান্তৰ লুংচুং অঞ্চলৰ একাংশ ৰাইজেও সাহাৰ্য বিচাৰি কোকৰাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰে আৰু সেইমৰ্মে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে খাদ্য সামগ্ৰীৰ বাবে এনটিপিচিৰ সৈতে যোগাযোগ কৰাত এনটিপিচিয়ে লুংচুঙ , উল্টাপানী , সৰলপাৰা অঞ্চলৰ দৰিদ্ৰ পৰিয়ালসমূহক সহায় কৰিবলৈ আগবাঢ়ি আহে ৷ এনটিচিপিয়ে ১৫০০ পৰিয়ালৰ বাবে খাদ্য সামগ্ৰী প্ৰদান কৰে আৰু আজি প্ৰথম পৰ্যায়ত লুংচুঙৰ প্ৰায় ৬৫০ টা দৰিদ্ৰ পৰিয়ালৰ প্ৰতিটো পৰিয়ালক পাঁচ কিলোগ্ৰাম চাউল, পাঁচশ গ্ৰাম নিমখ, দুশ মিলিলিটাৰ মিঠাতেলৰ পেকেট, পাঁচশ গ্ৰাম দাইল , চাবোন, মাস্ক আদি বিতৰণ কৰা হয় ৷

ৰাজহ চক্ৰ বিষয়া দীপন বৰ্মনে সদৰি কৰা মতে এনটিচিপিএয়ে ১৫০০ পৰিয়ালৰ বাবে প্ৰদান কৰা খাদ্য সামগ্ৰী আজি লুংচুঙ অঞ্চলত থকা প্ৰায় ৬৫০ টা পৰিয়ালৰ মাজত বিতৰণ কৰা হয় আৰু শুক্ৰবাৰৰ পৰা উল্টাপানী,সৰলপাৰাৰ দৰে দুৰ্গম অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ কৰা হব । উল্লেখ্য যে যি সকল ব্যক্তি,দল-সংগঠনে দুৰ্গম ৰাইজৰ মাজত এনে ধৰণৰ বিনামূলীয়া খাদ্য-সামগ্ৰী যোগান দিবৰ বাবে আগ্ৰহী সেই সকলে জিলা উপায়ুক্তৰ কাৰ্যালয় নাইবা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলিও চক্ৰ বিষয়া দীপন বৰ্মনে সদৰি কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in