বাংলাদেশলৈ আৰু ৫০০ মেগাৱাট বিদ্যুৎ সৰবৰাহ আৰম্ভ ভাৰতৰ

বাংলাদেশলৈ আৰু ৫০০ মেগাৱাট বিদ্যুৎ সৰবৰাহ আৰম্ভ ভাৰতৰ

ডিজিটেল ডেস্কঃ চুবুৰীয়া বাংলাদেশলৈ আজিৰে পৰা ভাৰতে অতিৰিক্ত ৫০০ মেগাৱাটকৈ বিদ্যুৎ সৰবৰাহ আৰম্ভ কৰিছে। ভিডিঅ' কনফাৰন্সিঙৰ মাধ্যমেৰে সোমবাৰে বিয়লিৰ ভাগত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ইয়াৰ শুভাৰম্ভ কৰে।

পূৰ্বে স্বাক্ষৰিত চুক্তি অনুযায়ী পশ্চিমবংগৰ বঢ়মপুৰ গ্ৰীডৰ পৰা বাংলাদেশৰ ভেড়ামাৰা গ্ৰীডলৈ বিদ্যুৎ সৰবৰাহ কৰা হৈছে। ইয়াৰ ফলত চুবুৰীয়া দেশখনৰ বিদ্যুতৰ সমস্যা বহু পৰিমাণে লাঘৱ হ'ব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।

ইয়াৰ লগতে একেটা ভিডিঅ' কনফাৰেন্সতে দুয়ো দেশৰ প্ৰধানমন্ত্ৰীয়ে আগৰতলাৰ পৰা বাংলাদেশৰ আখাউড়া সংযোগী ৰেলপথ নিৰ্মাণকাৰ্যৰো শুভাৰম্ভ কৰে। বাংলাদেশ সংযোগী এই ৰেলপথ নিৰ্মাণত ব্যয় হ'বলগীয়া মুঠ ৪৭৭ কোটি টকাৰ অধিকাংশই বহন কৰিছে ভাৰত চৰকাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in