এজাজৰ ১০ উইকেটতে সন্তুষ্ট কিৱিঃ ইতিহাস সৃষ্টিৰে ভাৰতৰ সৰ্ববৃহৎ বিজয়….

এজাজৰ ১০ উইকেটতে সন্তুষ্ট কিৱিঃ ইতিহাস সৃষ্টিৰে ভাৰতৰ সৰ্ববৃহৎ বিজয়….

ডিজিটেল ডেস্কঃ এজাজ পেটেলৰ ঐতিহাসিক প্ৰদৰ্শনেও ৰক্ষা কৰিব নোৱাৰিলে নিউজিলেণ্ডক। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত-নিউজিলেণ্ডৰ দ্বিতীয় টেষ্টত বৃহৎ বিজয় সাব্যস্ত কৰিছে বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলটোৱে।

দ্বিতীয় তথা অন্তিম টেষ্টত ভাৰতে আলহী দলটোক ৩৭২ ৰাণৰ ব্যৱধানত পৰাস্ত কৰিছে। ভাৰতে আলহী দলটোৰ সন্মুখত ৫৪০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। এই লক্ষ্য অনুসৰণ কৰি কিৱি দলটোৱে মাত্ৰ ১৬৭ ৰাণ হে কৰিবলৈ সক্ষম হয়। টেষ্ট ক্ৰিকেটৰ ইতিহাসত ৰাণৰ হিচাপত ভাৰতৰ এইয়াই সৰ্ববৃহৎ বিজয়।

ৱাংখেড়েত কিৱিক পৰাস্ত কৰাৰ লগে লগে বিৰাট কোহলিয়ে টেষ্ট ক্ৰিকেটত অধিনায়ক হিচাপে ৩৯ সংখ্যক বিজয় সাব্যস্ত কৰিলে। একেদৰে ৱাংখেড়ে ষ্টেডিয়ামত এই বিজয় আছিল ভাৰতীয় দলটোৰ ধাৰাবাহিকভাৱে তৃতীয় বিজয়।

ইফালে  ভাৰতীয় মাটিত নিউজিলেণ্ড দলটোক ভাৰতীয় দলটোৱে ৮ খন টেষ্ট মেচৰ ভিতৰত ৭ খনতে পৰাস্ত কৰিবলৈ সক্ষম হৈছে। একেদৰ বিৰাটৰ অধিনায়কত্বত ঘৰৰ মাটিত নিউজিলেণ্ডৰ বিৰুদ্ধে এয়া আছিল চতুৰ্থ  সংখ্যক বিজয়। একেদৰে এই বিজয়ৰ জৰিয়তে ভাৰতে ঘৰৰ মাটিত ধাৰাবাহিক ভাৱে ১৪ খন ছিৰিজ জয় কৰিলে।  

চতুৰ্থ দিনা নিউজিলেণ্ডৰ আৰম্ভণি আছিল অতি দুৰ্বল । ভাৰতৰ জয়ন্ত যাদৱে নিউজিলেণ্ডৰ ৰাচিন ৰবীন্দ্ৰই ১৮ ৰাণ কৰি থকাৰ সময়তে উইকেট দখল কৰে। আৰু ইয়াৰ লগে  লগে ভাৰতীয় দলটোক ষষ্ঠ সংখ্যক সফলতা প্ৰদান কৰে।

কানপুৰত অনুষ্ঠিত প্ৰথমখন টেষ্টত শচীন ৰবীন্দ্ৰই কিৱি দলটোক পৰাজয়ৰ পৰা ৰক্ষা কৰিছিল। মেচখনত ৰবীন্দ্ৰ আৰু হেনৰী নিকোলছে ষষ্ঠ উইকেটৰ যুঁটিত ৯০ টা বলত ৩৩ ৰাণ যোগ কৰিছিল।

জয়ন্তে পৰৱৰ্তী অভাৰত কাইল জেফাৰচনক শূন্যতে এল বি ডব্লিউ কৰি পেভিলিয়নমুখী কৰে। যাদৱে একেটা অভাৰত টিম চাউদিক এটাও ৰাণ সংগ্ৰহ নকৰাকৈয়ে ব'ল্ড কৰে। জয়ন্তে দ্বিতীয় ইনিংছত তেওঁৰ চতুৰ্থ উইকেট আৰু নিউজিলেণ্ডৰ হৈ ৯ম উইকেট দখল কৰি উইল সোমৰভিলক শূন্যত আউট কৰে। মেচখনত জয়ন্ত যাদৱে মুঠ ৪৯ ৰাণ ব্যয় কৰি ৪ টা উইকেট দখল কৰিছে।

ইফালেনিউজিলেণ্ডৰ হেনৰী নিকোলছে ৪৪ ৰাণ কৰি ক্ৰিজত থকাৰ সময়তে আশ্বিনে উইকেট দখল কৰি ঘৰৰ মাটিত ৩০০ টা উইকেট সম্পূৰ্ণ কৰিলে। ঘৰুৱা মাটিত ৩০০ উইকেট দখল কৰা আশ্বিন ভাৰতৰ দ্বিতীয় গৰাকী আৰু বিশ্বৰ ষষ্ঠ গৰাকী বলাৰ।  

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in