চীনক পিছ পেলাই আগবাঢ়িল ভাৰত…

চীনক পিছ পেলাই আগবাঢ়িল ভাৰত…

ডিজিটেল ডেস্কঃ ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে। চীনত প্ৰথম এই ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছিল যদিও, চীনতকৈ এতিয়া বিশ্বৰ আন দেশতহে কোৰোনা ভাইৰাছৰ সংক্ৰমনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।

১৫মে'ৰ নিশা ৮.৫০বজালৈকে উপলব্ধ তথ্য অনুসৰি, কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা চীনতকৈ বেছি হৈছে ভাৰতত। worldometerত উপলব্ধ তথ্য অনুসৰি, কোৰোনা ভাইৰাছ সংক্ৰমণ প্রথম আৰম্ভ হোৱা দেশখনত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৮২,৯৩৩জন হৈছেগৈ।

ইয়াৰ বিপৰীতে ভাৰতত সেই সংখ্যা ৮৩,০৭২ হৈছে। ভাৰতত এতিয়ালৈকে মুঠ ৮৩,০৭২জন লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু ইয়াৰে ২৬৬২জনৰ মৃত্যু ঘটিছে। ভাৰতত বৰ্তমান ৫১,৬১৮জন লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। চীনত সেই সংখ্যা মাত্ৰ ৯১।

wolrdometerৰ তথ্য অনুসৰি সৰ্বাধিক লোক আক্ৰান্ত হোৱা দেশৰ তালিকাৰ শীৰ্ষত এতিয়াও আমেৰিকাই আছে। আমেৰিকাত ১৪,৬১,১৫২জন লোক আক্ৰান্ত হৈছে আৰু ইয়াৰে ৮৭,০২৫জনৰ মৃত্যু ঘটিছে। তাৰপাছতেই ইংলেণ্ডত ৩৩,৯৯৮, স্পেইনত ২৭,৪৫৯, ইটালীত ৩১,৩৬৮জন লোকৰ প্ৰাণ কাঢ়িছে এই কোৰোনা ভাইৰাছে।

আনহাতে আক্ৰান্তৰ তালিকাত ভাৰতৰ স্থান একাদশ। কোৰোনা ভাইৰাছত সৰ্বাধিক লোক আক্ৰান্ত হোৱা আন দেশসমূহ হ'ল ক্ৰমে- আমেৰিকা, স্পেইন, ৰাছিয়া, ইংলেণ্ড, ইটালী, ব্ৰাজিল, ফ্ৰান্স, জাৰ্মানী, তুৰ্কী, ইৰাণ, ভাৰত, চীন, পেৰু, কানাডা, বেলজিয়াম আদি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in