শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

ছেমি ফাইনেলৰ আশা সজীৱ ভাৰতৰঃ বাংলাদেশৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ…

ডিজিটেল ডেস্কঃ আই চি চি মহিলা বিশ্বকাপত ভাৰতৰ তৃতীয় বিজয়। মঙ্গলবাৰে বাংলাদেশৰ লগত অনুষ্ঠিত হোৱা এখন মেচত ভাৰতীয় দলটোৱে বাংলাদেশক ১১০ ৰাণত পৰাস্ত কৰে ভাৰতে। মেচখনৰ আৰম্ভণিতে ভাৰতে টছত জয় লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে, বৰ্তমানলৈকে ভাৰতীয় মহিলা দলটোৱে ৬ খন মেচ খেলি ৩ খনত জয় লাভ কৰাৰ লগতে ৩ খনত পৰাস্ত হৈছে। হেমিল্টনত অনুষ্ঠিত হোৱা মেচখনেই আছিল বিশ্বকাপত ভাৰত আৰু বাংলাদেশৰ মহিলা দল দুটাৰ প্ৰথমখন মেচ।

টছত জয়ী হৈ ভাৰতীয় দলটোৱে প্ৰথমে বেটিং কৰি বাংলাদেশৰ সন্মুখত ২৩০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। এই লক্ষ্য অনুসৰণ কৰি বাংলাদেশে ১০ টা উইকেট হেৰুৱাই মাত্ৰ ১১৯ ৰাণ হে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।মেচখনত ভাৰতৰ যশীকা ভাটিয়াক মেন অফ দ্যা মেচৰ বঁটা প্ৰদান কৰা হয়।

মেচখনত ভাৰতীয় দলটোৰ এই বিজয়ৰ লগে লগে ভাৰতে ৬ পইণ্ট অৰ্জন কৰি মহিলা বিশ্বকাপৰ পইণ্ট টেবুলত তৃতীয় স্থানত উপনীত হৈছে। ২৭ মাৰ্চত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া মেচখনত জয় লাভ কৰিলেই ভাৰতীয় দলটোৱে ছেমি ফাইনেল খেলাৰ সুযোগ লাভ কৰিব।