ভাৰত-বাংলাদেশ মৈত্ৰী চুক্তিৰ ভয়াবহ পৰিণামঃ শ্বহীদৰ তেজৰ বিনিময়ত প্ৰতিষ্ঠা হোৱা নুমলীগড় শোধানাগাৰলৈ নামি আহিছে বিপদ..

ভাৰত-বাংলাদেশ মৈত্ৰী চুক্তিৰ ভয়াবহ পৰিণামঃ শ্বহীদৰ তেজৰ বিনিময়ত প্ৰতিষ্ঠা হোৱা নুমলীগড় শোধানাগাৰলৈ নামি আহিছে বিপদ..

ডিজিটেল সংবাদ বোকাখাতঃ দেশৰ পেট্ৰ'লজাত সামগ্ৰীৰ আকাশলংঘী মূল্যই ইতিমধ্যেই হাহাকাৰৰ সৃষ্টি কৰিছে জনসাধাৰণৰ মাজত। কিন্তু এনে পৰিস্থিতিৰ মাজটো বাংলাদেশলৈ ডিজেল ৰপ্তানী কৰি কোটি কোটি টকা লোকচান ভৰিছে নুমলীগড় শোধনাগাৰে।তথ্যজনাৰ অধিকাৰ আইনৰ যোগেদি পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য।

২০১৭ চনতেই এই লোকচানৰ পূৰ্বানুমান কৰিছিল নুমলীগড় শোধনাগাৰ অফিচাৰ্চ এচচিয়েশ্যনে। সেই বৰ্ষৰেই ২৪ মাৰ্চত শোধনাগাৰৰ সঞ্চালকলৈ লিখা দুই পৃষ্ঠা জোৰা এক পত্ৰত উদ্বেগ প্ৰকাশ কৰিছিল নুমলীগড় শোধনাগাৰ অফিচাৰ্চ এচচিয়েশ্যনে।

কোনো "এক্সাইজ বেনিফিট" নোপোৱাৰ বাবেই হ'ব লোকচান, এই উদ্বেগই সঁচা প্ৰমানিত কৰি ২০২০-২১ বৰ্ষত ৪৫.৪ হাজাৰ মেট্ৰিক টন ডিজেল বাংলাদেশলৈ ৰপ্তানি কৰি ১৪০ কোটি টকাতকৈও অধিক টকা লোকচান ভৰিলে নুমলীগড় শোধনাগাৰে।

উল্লেখযোগ্য যে, ২০১৮ বৰ্ষৰ ১৮ ছেপ্তেম্বৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নুমলীগড় শোধনাগাৰৰ প্ৰডাক্ত পাইপলাইনেৰে চিলিগুৰিত স্থাপন কৰা মাৰ্কেটিং টাৰ্মিনাচৰ পৰা বাংলাদেশৰ পাৰ্বতিপুৰলৈ ১৩০ কিঃমিঃৰ দৈৰ্ঘৰ ভাৰত বাংলাদেশ মৈত্ৰী পাইপলাইনৰ শুভ উদ্বোধন কৰিছিল। আৰু তাৰেই পৰিণতি ১৪০ কোটি টকাৰ লোকচান।

গোলাঘাটৰ বিশিষ্ট পৰিবেশকৰ্মী তথা জেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে তথ্য জনা অধিকাৰ আইনৰ যোগেদি লাভ কৰা তথ্যৰ যোগেদি পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য।ইতিমধ্যেই ২০১৫ চনত ভাৰত আৰু বাংলাদেশৰৰ মাজত সম্পন্ন হৈছিল "ভাৰত-বাংলা মৈত্ৰী চুক্তি"- আৰু সেই অনুসৰিয়েই নুমলীগড় শোধনাগাৰে বাংলাদেশলৈ প্ৰেৰণ কৰি আছে ডিজেল।

কিন্ত ৮৫৫ জন শ্বহীদৰ তেজৰ বিনিময়ত প্ৰতিষ্ঠা হোৱা নুমলীগড় শোধনাগাৰ এনে লোকচানৰ কবলত বাছি থাকিবনে? ইফালে এনে সংকটৰ সময়ত আছুকে আদি কৰি অন্যান্য জাতীয় দল সংগঠণৰ ভূমিকাক "ৰহস্যজনক নিৰৱতা" আৰু দুৰ্ভাগ্যজনক আখ্যা দিছে পৰিবেশ কৰ্মী তথা জেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in