হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী…

হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী…

ডিজিটেল ডেস্কঃ অৱশেষত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ অন্ত পৰে সোমবাৰে। এই অভিযানত ভাৰতত এল অ চিৰে অনুপ্ৰৱেশ কৰাৰ ৫টা সন্ত্ৰাসবাদীৰ মৃত্যু হয় ভাৰতীয় সেনা বাহিনীৰ গুলীত।

অপাৰেশ্যন ৰংদৌৰী বেহাকত কেৰণ ছেক্টৰত এল অ চিত সন্ত্ৰাসবাদীৰে সংঘটিত সংঘৰ্ষত কি কি হৈছিল এই সন্দৰ্ভত এজন ভাৰতীয় সেনা জোৱানে জে চি অ' সুবেদৰ সঞ্জীৱ কুমাৰৰ নেতৃত্বত সেনা বাহিনীৰ গোটৱে চলোৱা অভিযান সন্দৰ্ভত সম্পূৰ্ণ বিৱৰণ দিয়ে। তেওঁ নিজৰ দলৰ সৈতে এই অভিযান কেনেকৈ সম্পন্ন কৰিলে সেই সন্দৰ্ভত জনায়।

ইফালে, ৫দিনীয়া এই অভিযানত ভাৰতীয় সেনা বাহিনীৰো ৫জন জোৱান শ্বহীদ হয়। লক্ষণীয় কথা যে, কেৰণ ছেক্টৰত অভিযানকালত সেনা বাহিনীৰ এই গোটটোৱে পাকিস্তানত নিৰ্মাণ কৰা খাদ্য, কাপোৰ আৰু সেনা বাহিনীৰ সা-সামগ্ৰীও উদ্ধাৰ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in