শেহতীয়া খবৰ

আহি আছে 5G…

1,315

ডিজিটেল ডেস্কঃ দূৰসংযোগ খণ্ডৰ নিয়ন্ত্ৰণ সংস্থা ‘ট্ৰায়’ৰ সচিব এছ কে গুপ্তাই সদৰি কৰা অনুসৰি ২০২২চনলৈ ভাৰতত ৫ জি সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কৃত্ৰিম বুদ্ধিমত্তা আৰু বিগ ডাটা এনালাইটিকছৰ দৰে বিষয়সমূহে গ্ৰাহকৰ ইণ্টাৰনেট ব্যৱহাৰৰ সমগ্ৰ ধাৰণাটোক সলনি কৰিব বুলিও কয় ‘ট্ৰায়’ৰ সচিবগৰাকীয়ে।

ইয়াৰোপৰি, সংবাদ মাধ্যমতো এই ৫ জি প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব বুলি কয় তেওঁ। লগতে তেওঁ কয়- ভাৰতত বৰ্তমান ৪০০ নিযুত লোকে দ্ৰুতবেগী ইণ্টাৰনেট সেৱা লাভ কৰি আছে। সেয়েহে এই ক্ষেত্ৰত যথেষ্ট সম্ভাৱনীয়তা আছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি