কোৰোনাই সৰ্বাধিক জুৰুলা কৰা দেশৰ তিনিখন ৰাজ্য…

কোৰোনাই সৰ্বাধিক জুৰুলা কৰা দেশৰ তিনিখন ৰাজ্য…

ডিজিটেল ডেস্কঃ দেশত কোৰোনা আক্ৰান্তৰ সংখ্যা যিদৰে বাঢ়িছে তালৈ লক্ষ্য ৰাখি অচিৰেই এই সংখ্যাই পাৰ কৰিব ৭লাখৰ দেওঁনা। বৰ্তমান দেশত কোৰোনাত আক্ৰান্ত সংখ্যা হৈছগৈ ৬লাখ ৯৭হাজাৰ।

দেশত সৰ্বাধিক কোৰোনাত আক্ৰান্ত ৩ খন ৰাজ্যঃ

মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত কোৰোনাত আক্ৰান্ত সংখ্যা প্ৰায় ২লাখ ৭হাজাৰ। ইয়াৰ ভিতৰত ১,১১,৭৪০গৰাকী ৰোগী কোৰোনামুক্ত হোৱাৰ লগতে ৮,৮২২গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে। উল্লেখ্য যে, দেওবাৰৰ দিনটোত মহাৰাষ্ট্ৰত প্ৰায় ৭হাজাৰ লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে।

তামিলনাডুঃ দেশৰ ভিতৰতে সৰ্বাধিক কোৰোনাত আক্ৰান্ত ৰাজ্যৰ ভিতৰত তামিলনাডু আছে দ্বিতীয় স্থানত। ১,১১, ১৫১গৰাকী লোক ৰাজ্যখনত আক্ৰান্ত হোৱাৰ বিপৰীতে ৬২,৭৭৮গৰাকী লোক ইতিমধ্যে কোৰোনামুক্ত হৈছে। ৰাজ্যখনত বৰ্তমানলৈ ১,৫১০গৰাকী লোক মৃত্যু হৈছে। দেওবাৰৰ দিনটোত তামিলনাডুত৪,১৫০গৰাকী লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে।

দিল্লীঃ ১লাখৰ দেওনা পাৰ হ'বলৈ মাত্ৰ কিছু পৰ বাকী দিল্লীৰ। বৰ্তমানলৈ দিল্লীত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৯৯,৪৪৪গৰাকী। ৭১হাজাৰো অধিক লোকে আৰোগ্য লাভ কৰা দিল্লীত ৩০৬৭গৰাকী লোক মৃত্যু হৈছে। দেওবাৰৰ দিনটোত দিল্লীত ২,২৪৪গৰাকী লোক কোৰোনাত আক্ৰান্ত হোৱা তথ্য পোৱা গৈছে।

এইখিনিতে উল্লেখ কৰা ভাল হব যে, কোৰোনা আক্ৰান্তৰ তালিকাত অসম আছে দেশৰ ভিতৰতে ১৪সংখ্যক স্থানত। অসমত ১১হাজাৰো অধিক লোক কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ইতিমধ্যে ৭৪৩৪গৰাকী লোক আৰোগ্য হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in