লকডাউনত দেশত নিবনুৱাৰ সংখ্যা বৃদ্ধিঃ চাকৰি হেৰুৱালে ১৪ কোটি লোকে…

লকডাউনত দেশত নিবনুৱাৰ সংখ্যা বৃদ্ধিঃ চাকৰি হেৰুৱালে ১৪ কোটি লোকে…

ডিজিটেল ডেস্কঃ কোৰোনাক প্ৰতিহত কৰিবলৈ কেন্দ্ৰই জাৰি কৰা লকডাউনে প্ৰায় ৩২ টা দিন অতিক্ৰম কৰিলে। এই সময়ত দৰিদ্ৰ লোকসকল নানান সমস্যাৰ সন্মুখীন হোৱাৰ লগতে নিম্ন মধ্যবিত্ত শ্ৰেণীৰ বিভিন্ন উদ্যেগ-প্ৰতিষ্ঠানত কাম কৰি থকা লোকে হেৰুৱাইছে চাকৰি। শেহতীয়াকৈ চি এম আই ইৰ সমীক্ষাত প্ৰকাশ পাইছে এক ভয়ংকৰ তথ্য। ল'ক ডাউনৰ সময়চোৱাত দেশত চাকৰি হেৰুৱাইছে ১৪ কোটি লোকে। লগতে এপ্ৰিল মাহৰ তৃতীয় সপ্তাহলৈকে দেশত নিবনুৱাৰ সংখ্যা ২৬.২ শতাংশলৈ বৃদ্ধি পাইছে। তথ্য অনুসৰি ল'ক ডাউনৰ সময়ছোৱাত গ্ৰামাঞ্চলত কৰ্মহীন লোকৰ হাৰ ২৬.৭ শতাংশ হোৱাৰ বিপৰীতে চহৰ অঞ্চলত কৰ্মহীন লোকৰ পৰিমাণ হ'লগৈ ২৫.১ শতাংশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in