দ্ৰুতগতিত আগবাঢ়িছে জাতীয় আদৰ্শ শিক্ষা সংসদৰ কাম,বিশিষ্ট শিক্ষাবিদেৰে পাঠ্যক্ৰমৰ সম্পৰ্কীয় বৈঠক…

দ্ৰুতগতিত আগবাঢ়িছে জাতীয় আদৰ্শ শিক্ষা সংসদৰ কাম,বিশিষ্ট শিক্ষাবিদেৰে পাঠ্যক্ৰমৰ সম্পৰ্কীয় বৈঠক…

ডিজিটেল ডেস্কঃ পূৰ্ণ গতিত আগবাঢ়িছে অসম সাহিত্য সভাৰ পৃষ্ঠপোষকতাত গঠিত স্বতন্ত্ৰ ন্যাস জাতীয় আদৰ্শ শিক্ষা সংসদৰ শৈক্ষিক কামকাজ। ন্যাসৰ অধীনত ইতিমধ্যে ৫খন বিদ্যালয় স্থাপন হৈছে আৰু পৰৱৰ্তী শিক্ষাবৰ্ষত নতুনকৈ কমেও এশখন বিদ্যালয় স্থাপনৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ জাতীয় শিক্ষা সংসদৰ শিক্ষক প্ৰশিক্ষণৰ হাতপুথি প্ৰস্তুতৰ শিক্ষক প্ৰশিক্ষণৰ প্ৰক্ৰিয়া আৰু অন্যান্য বিষয়সমূহ খৰচি মাৰি আলোচনা কৰাৰ বাবে সংসদৰ এক গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন হয় অসম সাহিত্য সভাৰ ৰাধাগোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত।

বুনিয়াদী স্তৰত গুৰুত্ব দি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত জাতীয় শিক্ষা সংসদে পাঠ্যপুথি প্ৰকাশত এই গুৰুত্বপূৰ্ণ বৈঠকে অনুমোদন দিয়ে। জাতীয় আদৰ্শ শিক্ষা সংসদৰ উপাধ্যক্ষ ডাঃ জয়ন্তবিশ্ব শৰ্মা, সচিব ৰাণা বশিষ্ঠ, বিশিষ্ট ভাষাবিদ, সাহিত্যাচাৰ্য ড০ ৰমেশ পাঠক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশী, সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, কৃতী শিক্ষক তথা সংসদৰ পাঠ্যক্ৰম সমন্বয়ক সমিতিৰ সভাপতি গৌৰীকান্ত ভূঞা, বিশিষ্ট পণ্ডিত সাহিত্যাচাৰ্য ড০ পৰাগ কুমাৰ ভট্টাচাৰ্য, ৰিপুঞ্জয় বৰদলৈ, সুৰেন গোস্বামী, জগন্নাথ ৰাজবংশী, কমল চৌধুৰী, ড০ সঞ্জীৱ কুমাৰ শৰ্মা, যতীন্দ্ৰনাথ সূত, পংকজ কুমাৰ দত্ত, ৰমানন্দন বৰা আদিয়ে অংশ লয়।

সভাৰ আৰম্ভণিতে পাঠ্যক্ৰম প্ৰস্তুতি বিষয়ত সংসদৰ লক্ষ্য, উদ্দেশ্যে আৰু দৃষ্টিভংগীৰ বিষয়ে আভাস দিয়ে ডাঃ জয়ন্ত বিশ্ব শৰ্মাই। সংসদে সেৱাৰ মনোভাৱেৰে কাম কৰি থকা সুপৰিকল্পনাৰে আগবাঢ়ি গৈ কণকণ ছাত্ৰ-ছাত্ৰীসকলক বুনিয়াদী স্তৰৰ পৰা প্ৰকৃতাৰ্থত মানৱ সম্পদ ৰূপে গঢ়াত গুৰুত্ব দিব বুলি কয়। জাতীয় আদৰ্শ শিক্ষা সংসদৰ এই কল্যাণমুখী প্ৰকল্পই অসমৰ জাতীয় জীৱনত বহুমূলীয়া বৰঙণি আগবঢ়াব বুলি মন্তব্য দিয়ে ড০ পৰাগ কুমাৰ ভট্টাচাৰ্যই। উন্নত মানৰ পাঠ্যক্ৰমৰে অসমৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষাত এইদৰে নতুনত্ব প্ৰয়াসেৰে অসম জাতীয় আদৰ্শ শিক্ষা সংসদে কৰা কামকাজক শলাগিছে বিভিন্নজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in