শ্বহীদৰ প্ৰতি সন্মান জনাই গুৱাহাটী প্ৰেছ ক্লাৱত পতাকা উত্তোলন…

শ্বহীদৰ প্ৰতি সন্মান জনাই গুৱাহাটী প্ৰেছ ক্লাৱত পতাকা উত্তোলন…

ডিজিটেল সংবাদ, গুৱাহাটী: অগণিত শ্বহীদৰ ত্যাগৰ বিনিময়ত লাভ কৰা ভাৰতৰ স্বাধীনতাৰ অনন্য উৎসৱ সমগ্ৰ দেশৰ লগতে বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱতো পালন কৰা হয়। সাংবাদিক আৰু দেশপ্ৰেমিক জনসাধাৰণৰ উপস্থিতিত বৃহস্পতিবাৰে পুৱা ১১ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জ্যেষ্ঠ সাংবাদিক ৰূপম বৰুৱাই।

পতাকা উত্তোলন কৰি দিয়া ভাষণত ৰূপম বৰুৱাই কয় যে- উগ্ৰবাদীৰ ভাবুকি নেওচি ১৯৯৮ চনৰ পৰা গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিক তথা দেশপ্ৰেমিক নাগৰিকে জাতীয় পতাকা উত্তোলনৰে এক অসাধাৰণ দৃষ্টান্ত দাঙি ধৰিছে।

বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যত শ্বহীদসকলক স্মৰণ কৰি পতাকা উত্তোলন কৰা কাৰ্যসূচীক আশাব্যঞ্জক পৰিক্ৰমা বুলি মতপ্ৰকাশ কৰে। তেওঁ লগত সাংবিধানিক সুৰক্ষা আৰু সংবিধানৰ দোহাই দি অনবৰতে বিভিন্ন অধিকাৰ দাবী কৰি অহা সংগঠন আৰু ব্যক্তি বিশেষক সৰ্বপ্ৰথমে শ্বহীদৰ প্ৰতি সম্মান জনাবলৈ আহ্বান জনায়।

অনুষ্ঠানৰ আৰম্ভণিতে সাংবাদিক ৰণেন কুমাৰ গোস্বামীয়ে এই দিৱসৰ তাৎপৰ্য বাখ্যা কৰে, শেষত উপস্থিত সাংবাদিক আৰু দেশপ্ৰেমিক নাগৰিকে মহানগৰীৰ ৰাজপথত এক সমদল উলিয়ায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in