স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতিৰ

স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতিৰ

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত সমাজত নাৰীৰ ভূমিকা সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰে ৰাষ্ট্ৰপতি ৰামনাধ কোবিন্দে। অনাহক তৰ্ক-বিতৰ্ক কৰি থকাৰ পৰিৱৰ্তে দেশবাসীক দৰিদ্ৰতা, অনগ্ৰসৰতা নিৰ্মূলৰ হকে ঐক্যৱদ্ধ হৈ কাম কৰিবলৈ আহ্বান জনাই ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে নাৰীসকলক নিজৰ প্ৰতিভা আৰু দক্ষতা বিকাশৰ পূৰ্ণ স্বাধীনতা প্ৰদান কৰা উচিত।

শিক্ষাক্ষেত্ৰত মনোনিৱেশ কৰিব নে গৃহকৰ্মত মনোনিৱেশ কৰিব সেই লৈ হেঁচা প্ৰদানৰ পৰিৱৰ্তে দক্ষতাৰ ভিত্তিত নাৰীসকলক নিজাকৈ সিদ্ধান্ত লোৱাৰ অধিকাৰ প্ৰদানৰ ওপৰতো জোৰ দিয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে।

ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণৰ পিছত দ্বিতীয়টো স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান কৰা কোবিন্দে কয়, 'ত্ৰিৰংগা পতাকাই আমাৰ জাতিক প্ৰতিনিধিত্ব কৰে। স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু বলিদানৰ বিনিময়ত আমি স্বাধীনতা অৰ্জন কৰিছো। এই কথা পাহৰি যোৱা উচিত নহয়'।

স্বাধীনতা সংগ্ৰামীসকলৰ স্বপ্নৰ ভাৰতৰ কথা ক'বলৈ গৈ তেওঁ কয় যে সেনাৰ হাতত আৰু অধিক উন্নত অস্ত্ৰ তুলি দি, তেওঁলোকক প্ৰতিৰক্ষা সৰঞ্জামৰ যোগান ধৰি, সেনা কল্যাণৰ ব্যৱস্থা কৰি দেশে স্বাধীনতা সংগ্ৰামীসকলৰ সেই সপোনক বাস্তৱ ৰূপ দিবলৈ অগ্ৰসৰ হৈছে।

নিজৰ ভাষণত জাতিৰ পিতা মহাত্মা গান্ধীৰ অহিংসা নীতিৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁ কয় যে সমাজত হিংসাৰ কোনো ঠাই নাই। এই প্ৰসংগত তেওঁ গৰুৰ বাবে মানুহক নিৰ্যাতন, সোপাধৰাৰ সন্দেহত নিৰ্যাতন আদিৰ দৰে ঘটনাকো নিন্দা কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে দেশৰ ঐক্য-সংহতিৰ কথাও সোঁৱৰাই দিয়ে। তেওঁ কয় যে ভাৰত কোনো চৰকাৰৰ দেশ নহয়, দেশ সকলোৰে, এই দেশ মানুহৰ বাবেই। একেলগে হাতত ধৰাধৰিকৈ প্ৰতিজন নাগৰিক যাতে উন্নতিৰ পথত আগুৱাই যাব পাৰে তাৰ চেষ্টা কৰিবলৈকো নিজৰ ভাষণত আহ্বান জনায় কোবিন্দে। ভৱিষ্যত প্ৰজন্মৰ বাবে ঐতিহাসিক সম্পদ, স্মৃতি সৌধ আদি সংৰক্ষণৰ ব্যৱস্থা কৰা উচিত বুলিও মন্তব্য কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in