দৰঙত স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰ বুজ ল’লে উপায়ুক্তই…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, মঙলদৈঃ স্বাধীনতা দিৱসলৈ মাজত মাথোঁ কেই ঘন্টা মান সময় বাকী। বিগত কেবাবছৰো ধৰি দেশ স্বাধীন হোৱাৰ এই পবিত্ৰ দিনটো উদযাপন কৰি অহাৰ বিপৰীতে এইবাৰ মহামাৰী কোৰোণা ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে অনুষ্টুপীয়াকৈ স্বাধীনতা দিৱস উদযাপনৰ সিদ্ধান্ত লোৱাৰ পিছত দৰঙতো সীমিতভাৱে উদযাপনৰ ব্যৱস্থা লৈছে ।

বৃহস্পতিবাৰে জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই আৰক্ষী অধীক্ষক আৰু অন্যান্য প্ৰশাসনিক বিষয়াসকলৰ লগত মঙলদৈৰ কাছাৰী ময়দানত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পৰ্কত বুজ লয়। প্ৰস্তুতিৰ সমান্তৰালকৈ উপায়ুক্তৰ নিৰ্দেশত মাৰ্চপাষ্ট আদিত অংশগ্ৰহণ কৰিবলগীয়া সকলো লোকৰে কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছে ।

আনহাতে, নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্তৰ লগত আৰক্ষী অধীক্ষক, সেনা বিষয়া, অৰ্দ্ধসামৰিক বাহিনী আদিৰ লগত এক সভাও অনুষ্ঠিত কৰা হয় । সভাত উপায়ুক্তই নিৰাপত্তাৰ দিশটো কটকটীয়া কৰিবলৈ নিৰাপত্তাৰ ক্ষেত্ৰত জড়িত সকলো বিষয়াবৰ্গৰ প্ৰতি আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in