ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে হোৱা এদিনীয়াত পাকিস্তানক চেৰ পেলালে বিৰাট কোহলীয়ে…

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে হোৱা এদিনীয়াত পাকিস্তানক চেৰ পেলালে বিৰাট কোহলীয়ে…

ডিজিটেল ডেস্কঃ ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন এদিনীয়াত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে গঢ়িলে অন্য এক অভিলেখ। পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক জাবেদ মিয়াদাদক চেৰ পেলাই কোহলীয়ে গঢ়িলে এই অভিলেখ। দেওবাৰৰ এই খেলখনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া খেলত সৰ্বাধিক ৰান কৰা খেলুৱৈৰ তালিকাত শীৰ্ষস্থান দখল কৰিলে বিৰাট কোহলীয়ে।

ইয়াৰ পূৰ্বে এই অভিলেখৰ গৰাকী আছিল পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক জাবেদ মিয়াদাদ। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জাবেদ মিয়াদাদে ৬৪ খন খেলত সংগ্ৰহ কৰিছিল ১৯৩০ ৰান। ইয়াৰ পৰিৰ্ৱতে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ৩৪ খন খেলতে এই অভিলেখৰ গৰাকী হবলৈ সক্ষম হয়। উল্লেখ্য যে, দেওবাৰৰ এই খেলখনত বিৰাটে ১৯ ৰান সংগ্ৰহ কৰোতেই পাকিস্তানৰ খেলুৱৈ গৰাকীৰ ৰেকৰ্ড ভংগ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in