ভাৰত বনাম দক্ষিণ আফ্ৰিকাঃ টেষ্ট কেৰিয়াৰৰ সপ্তমটো দ্বি-শতক বিৰাট কোহলীৰ…

ভাৰত বনাম দক্ষিণ আফ্ৰিকাঃ টেষ্ট কেৰিয়াৰৰ সপ্তমটো দ্বি-শতক বিৰাট কোহলীৰ…

ডিজিটেল ডেস্কঃ পুনেত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা দ্বিতীয়খন টেষ্টমেচৰ দ্বিতীয় দিনা ভাৰতীয় ক্ৰিকেট দলটোৰ অধিনায়ক বিৰাট কোহলীয়ে খুবেই ভাল খেল প্ৰদৰ্শন কৰে। মেচখনত বিৰাট কোহলীয়ে কৰিলে দ্বিশতক। আৰু বৰ্তমানলৈ টেষ্ট কেৰিয়াৰত বিৰাট কোহলীৰ এইটো সপ্তমটো দ্বিশতক। ইফালে, মেচখনত ভাৰতে ৫ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৬০১ ৰান।

উল্লেখ্য যে, টেষ্ট মেচত কোহলীয়ে দ্বিশতক কৰি দুগৰাকী দিগ্বজক্ৰিকেটাৰক ফেৰ মাৰিলে। আৰু সেই খেলুৱৈ দুগৰাকী হ'ল ইংলেণ্ডৰ কে এফ বেৰিংগটন আৰুনিউজিলেণ্ডৰ বৰ্তমানৰ অধিনায়ক ৰ'ছ টেলৰ। উল্লেখ্য যে, দ্বিতীয়খন টেষ্টমেচৰপ্রথমদিনা আউট নোহোৱাকৈ বিৰাট কোহলীয়ে সংগ্ৰহ কৰে ৬৩ ৰান। তাৰপাছত দ্বিতীয়দিনাবিৰাট কোহলীয়ে ২৫৪ ৰান সংগ্ৰহ কৰে।

উল্লেখ্য যে, টেষ্ট কেৰিয়াৰত ভাৰতীয় খেলুৱৈ গৰাকীয়ে সংগ্ৰহকৰিছে ৭০৫৪ ৰান। আৰু ইয়াৰ পাছত তেওঁ টেষ্ট মেচত আটাইতকৈ বেছি ৰান সংগ্ৰহ কৰাতালিকাৰ ৪৭ নম্বৰ স্থানত অধিস্থিত হয়। কিন্তু এতিয়া বিৰাট কোহলীৰ আগন্তুক লক্ষ্যহৈছে গ্ৰেগ চেপেল। কিয়নো টেষ্ট কেৰিয়াৰত ৭১১০ ৰান সংগ্ৰহ কৰি এই তালিকাত গ্ৰেগচেপেল আছে বিৰাট কোহলীৰ ওপৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in