ট্ৰাম্পলৈ মোডীৰ দীঘলীয়া ফোন, পাকিস্তানক এসেকা দিবলৈ সাজু হৈছে নেকি ভাৰত? ভাৰত-পাকিস্তানৰ কাৰ কিমান শক্তি…

ট্ৰাম্পলৈ মোডীৰ দীঘলীয়া ফোন, পাকিস্তানক এসেকা দিবলৈ সাজু হৈছে নেকি ভাৰত? ভাৰত-পাকিস্তানৰ কাৰ কিমান শক্তি…

ডিজিটেল ডেস্কঃ যিকোনো মুহূৰ্ততে হ'ব পাৰে নেকি যুদ্ধ? বাৰে বাৰে পাকিস্তানে ভাৰতৰ ধৈৰ্যৰ পৰীক্ষা লৈছে। ইতিমধ্যে ভাৰতীয় সেনাৰ মুৰব্বী বিপিন ৰাৱটে ঘোষণা কৰিছে বালাকোটৰ এয়াৰষ্ট্ৰাইকৰ পাছতেই যুদ্ধৰ বাবে সম্পূৰ্ণ সাজু আছিল ভাৰত।

কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰাৰ পাছতেই পুনৰ এক যুদ্ধ সদৃশ পৰিৱেশ গা কৰি উঠিছে নেকি? ভাৰতক উচটাই পাকিস্তানে যুদ্ধৰ পটভূমি ৰচনা কৰিছে নেকি?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দীৰ্ঘসময় ধৰিসোমবাৰে কথা পাতিলে মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সৈতে। তাৰ সমান্তৰালকৈভাৰতীয় সেনাৰ মুৰব্বী বিপিন ৰাৱটে ঘোষণা কৰিলে যুদ্ধৰ বাবে সাজু আছিল ভাৰত।

যুদ্ধ কোনেও নিবিচাৰে। কিন্তু যদি যুদ্ধ আৱশ্যম্ভী হয় তেন্তে কাৰ কিমান শক্তি? ভাৰতৰ প্ৰতিৰক্ষা বাজেট ৫৫.৯ বিলিয়ন মাৰ্কিন ডলাৰ। ইয়াৰ বিপৰীতে পাকিস্তানৰ প্ৰতিৰক্ষা বাজেট ১০.৮ বিলিয়ন মাৰ্কিন ডলাৰ।

সৈনিক আৰু অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰক্ষেত্ৰত আগবাঢ়ি আছে ভাৰত। ভাৰতৰ সৈনিকৰ সংখ্যা প্ৰায় ১৪ লাখ। কিন্তু পাকিস্তানৰসৈনিকৰ সংখ্যা ৬.৪ লাখ। অৰ্থাৎ পাকিস্তানতকৈ ভাৰতৰ সৈনিকৰ সংখ্যা প্ৰায় দুগুনতকৈওঅধিক। যুদ্ধৰ বাবে প্ৰয়োজনীয় টেংক। এখন যুদ্ধত এই টেংক সমূহে গুৰুত্বপূৰ্ণ ভূমিকাপালন কৰে। ভাৰতৰ ৪২২৬ টা টেংক থকাৰ বিপৰীতে পাকিস্তানৰ আছে ২১৮২ টা যুদ্ধ টেংক।যুদ্ধ বাহনতো আগবাঢ়ি আছে ভাৰত। পাকিস্তানৰ যুদ্ধ বাহনৰ সংখ্যা ২৬০৪ খন। ভাৰতৰ এইসংখ্যা ৩১৫২ খন।

আৰ্টিলাৰি ভাৰতৰ আছে ১৯০ টা। এই দিশত আগবাঢ়ি আছে পাকিস্তান। পাকিস্তানৰ আছে ৩০৭ টা আৰ্টিলাৰী। টৌড আৰ্টিলাৰীৰ দিশত অৱশ্যে পিছ পৰি আছে পাকিস্তান। পাকিস্তানৰ টৌড আৰ্টিলাৰীৰ সংখ্যা ১২৪০। ভাৰতৰ এই সংখ্যা ৪১৫২ টা। ভাৰতৰ হাতত থকা মুঠ ৰকেট প্ৰজেক্টৰ সংখ্যা ২৬৬। পাকিস্তানৰ এই সংখ্যা ১৪৪। ভাৰতৰ এয়াৰক্ৰাফ্টৰ মুঠ সংখ্যা ২১৮৪। কিন্তু পাকিস্তানৰ হাতত মুঠ এয়াৰক্ৰাফট আছে ১২৮১ খন।

ট্ৰেন্সপ'ৰ্ট এয়াৰক্ৰাফ্টৰ সংখ্যা ভাৰতৰ হৈছে ৭০৮। তাৰ বিপৰীতে মাত্ৰ ২৯৬ খনহে আছেপাকিস্তানৰ হাতত। ফাইটাৰ জেটছ ভাৰতৰ আছে ৫৯০ খন। কিন্তু পাকিস্তানৰ হাতত আছে ৩২০খন। ভাৰতৰ ফাইটাৰ এয়াৰক্ৰাফ্টৰ সংখা ৮০৪ খন কিন্তু পাকিস্তানৰ এই সংখ্যা ৪১০ খন।

ভাৰতৰ নৌ সেনাৰ যুদ্ধ জাহাজৰ সংখ্যা ২৯৫ খন। আনহাতে পাকিস্তানৰ নৌ সেনা যুদ্ধ জাহাজৰ সংখ্যা হৈছে ১৯৭ খন। ভাৰতৰ নৌ বাহিনীৰ ডেষ্ট্ৰয়াৰ্ছৰ সংখ্যা হৈছে ১১ খন। ইয়াৰ বিপৰীতে পাকিস্তানৰ এখনো নাই ডেষ্ট্ৰয়াৰ্ছ। ভাৰতৰ ছাবমেৰিণৰ সংখ্যা ১৬ খন। পাকিস্তানৰ ৭ খন। এয়াৰক্ৰাফ্ট কেৰিয়াৰ ৩ খন আছে ভাৰতৰ। পাকিস্তানৰ এখনো এয়াৰক্ৰাফ্ট কেৰিয়াৰ নাই। ফ্ৰিগেটছ ভাৰতৰ হাতত আছে ১৪ খন। পাকিস্তানৰ হাতত আছে ১০ খন। পেট্ৰ'ল ক্ৰাফ্ট ভাৰতৰ সংখ্যা হৈছে ১৩৯ খন। কিন্তু মাত্ৰ ১১ খনহে পেট্ৰ'ল ক্ৰাফ্ট আছে পাকিস্তানৰ হাতত। ভাৰতৰ ওচৰত থকা মাইৱ ওৱাৰফেয়াৰ হৈছে ৪ খন। পাকিস্তানৰ হৈছে ৩ খন।

নিউক্লিয়াৰওৱাৰহেটছৰ ক্ষেত্ৰত ভাৰততকৈ আগবাঢ়ি আছে পাকিস্তান। পাকিস্তানৰ ওচৰত থকানিউক্লিয়াৰ ওৱাৰহেটছৰ সংখ্যা হৈছে ১৩৯ খন। ভাৰতৰ হাতত আছে ১০৯ খন নিউক্লিয়াৰ ওৱাৰহেটছ। পৰমাণু বোমাৰ ক্ষেত্ৰত ভাৰতৰ হাতত আছে১৩০ টা আৰু পাকিস্তানৰ হাতত আছে ১২০ টা। মিছাইলৰ ক্ষেত্ৰত বহুগুণেই আগবাঢ়ি আছেভাৰত। ভাৰতৰ হাতত ২৬৬ টা মিছাইল থকাৰ বিপৰীতে পাকিস্তানৰ হাতত আছে মাত্ৰ ১৪৪ টা।

পাৰমানবিক অস্ত্ৰ শস্ত্ৰৰ ক্ষেত্ৰত অৱশ্যে আগবাঢ়ি আছে পাকিস্তান। ভাৰতৰ হাতত মুঠ যুদ্ধৰ হেলিকপ্টাৰ আছে ৭২৫ খন। পাকিস্তানৰ এই সংখ্যা ৩২৩ খন। অৱশ্যে পাকিস্তানৰ পিছত আছে চীন। যিকোনো প্ৰকাৰে ভাৰতৰ বিৰুদ্ধে যুদ্ধত সহায় কৰিব পাৰে চীনে। বিশ্বৰ বৃহৎ সামৰিক শক্তিৰ ভিতৰত চীন অন্যতম। চীনৰ সেনাৰ সংখ্যা ২৩ লাখ। যুদ্ধৰ টেংক আছে ৬৪৫৭টা। চীনৰ যুদ্ধ জাহাজৰ সংখ্যা ৭১৪খন। ২৭০ টা নিউক্লিয়াৰ অস্ত্ৰ আছে চীনৰ হাতত।

সেয়েহেকেৱল ভাৰতৰ সামৰিক শক্তিৰ ওপৰত এই যুদ্ধ নিৰ্ভৰশীল নহ'ব। চীনৰ সাহসতে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস কৰে। আঁৰত থাকিচীনে পাকিস্তানক সহায় কৰি আহিছে। সেই দিশো ভাৰতে বিচাৰ কৰি চাব লগা হৈছে। ইফালেদুয়োখন দেশৰ আছে পাৰমানবিক অস্ত্ৰ। পাৰমানবিক অস্ত্ৰৰ ক্ষেত্ৰত আগবাঢ়ি আছেপাকিস্তান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in