ভাৰত-নিউজিলেণ্ডৰ দ্বিতীয় টি২০ খেলঃ কোহলী বাহিনীৰ সন্মুখত ১৩৩ ৰানৰ লক্ষ্য

ভাৰত-নিউজিলেণ্ডৰ দ্বিতীয় টি২০ খেলঃ কোহলী বাহিনীৰ সন্মুখত ১৩৩ ৰানৰ লক্ষ্য
  • নিউজিলেণ্ডৰ অকলেণ্ডৰ ইডেন পাৰ্কত দেওবাৰে অনুষ্ঠিত হৈছে ভাৰত-নিউজিলেণ্ডৰ মাজৰ দ্বিতীয়খন টি-২০ খেল।
  • টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় নিউজিলেণ্ডে।
  • নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৩২ ৰান সংগ্ৰহ কৰে নিউজিলেণ্ড বাহিনীয়ে।
  • ১৩৩ ৰানৰ লক্ষ্য সন্মুখত লৈ ক্ৰিজত নামিছে ভাৰতীয় দলটো।
  • কিন্তু প্ৰথম ৫ অভাৰতে দুটাকৈ উইকেট হেৰুৱাই বিপদত ভাৰতীয় দলটো।
  • প্ৰথমে দলটোৱে হেৰুৱায় ৰোহিত শৰ্মাৰ উইকেট।
  • ৮ ৰান কৰিয়েই পেভিলিয়নমুখী হয় ৰোহিত শৰ্মা।
  • তাৰ পিছতে পতন ঘটে অধিনায়ক বিৰাট কোহলীৰ উইকেটৰো।
  • ১২ বলত ১১ ৰান কৰি আউট হয় বিৰাট।
  • বৰ্তমান ক্ৰিজত খেলি আছে লোকেশ ৰাহুল আৰু শ্ৰেয়ছ আয়াৰে।
  • লোকেশ ৰাহুলৰ বৰ্তমানলৈকে ব্যক্তিগত স্ক'ৰ ২১ ৰান।
  • তাৰ বিপৰীতে ২ ৰানত বেটিং কৰি আছে শ্ৰেয়ছ আয়াৰে।
  • ৭.২ অভাৰ পৰ্যন্ত ভাৰতৰ স্ক'ৰ ২ উইকেটৰ বিনিময়ত ৪৪ ৰান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in