বেকফুটত টীম ইণ্ডিয়া…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্ক : অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথম খন টেষ্ট ক্ৰিকেট । খেলখনত টছত জয়ী ভাৰতে বেটিং কৰাৰ সিদ্ধান্ত লয় । অষ্ট্ৰেলিয়াৰ অভেলত অনুষ্ঠিত হয় খেলখন । খেলখনত পৃথ্বী শ্বাৱ আৰু মায়ংক আগৰৱালে ভাৰতৰ হৈ ইনিংচ মুকলি কৰে যদিও আৰম্ভনি সুখকৰ নহ'ল ।

ইংনিংছ আৰাম্ভনিৰ মাত্ৰ ২ টা বল যোৱাৰ পিছতেই পতন হয় পৃথ্বী শ্বাৱৰ উইকেট । বেটছমেন গৰাকীয়ে কোনো ৰাণ নকৰাকৈয়ে পেভিলিয়নলৈ উভতি যায় । মায়ংক আগৰৱালাই ১৭ ৰান আৰু চেতেশ্বৰ পূজাৰাই ৪৩ ৰাণ কৰি পেভিলিয়নলৈ উভতে ।যাৰ ফলত অষ্ট্ৰেলিয়াৰ প্ৰথম টেষ্টতেই বেকফুটত পৰে ভাৰত ।

বাতৰি লিখা পৰলৈকে ভাৰতে ৭৩ অভাৰত ভাৰতে সংগ্ৰহ কৰে ৩ উইকেটত ১৬৬ ৰাণ । বিৰাট কোহলীয়ে ৬৭ ৰাণ আৰু অজিংকা ৰাহানে ২৭ ৰাণত বৰ্তমানলৈ বেটিং কৰি আছে । ইফালে প্যাট কামিন্স,মিচেল ষ্ট্ৰাকে আৰু নাথাম লিয়নে এটাকৈ উইকেট দখল কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in