ভাৰত vs অষ্ট্ৰেলিয়াঃ প্রথম টেষ্টত পৰাস্ত কোহলী বাহিনী…

ভাৰত vs অষ্ট্ৰেলিয়াঃ প্রথম টেষ্টত পৰাস্ত কোহলী বাহিনী…

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াই চাৰিখন মেচৰ টেষ্ট শৃংখলাৰ প্রথমখন টেষ্টত ভাৰতক পৰাস্ত কৰে। ১-০ শৃংখলাৰে আগবাঢ়ি আছে অষ্ট্ৰেলিয়া। ভাৰতৰ ক্ৰিকেট ইতিহাসত এদিনীয়া মেচত সৰ্বনিম্ন ৰান সংগ্ৰহ কৰিছে কোহলী বাহিনীয়ে। মেচখনত মাত্ৰ ৩৬ ৰানেৰে ইনিংছ সামৰিলে ভাৰতে।

মেচখনত ভাৰতে বান্ধি দিয়া ৯০ ৰানৰ টাৰ্গেটত উপনীত হ'বলৈ অষ্ট্ৰেলিয়াই খুব বেছি কষ্ট কৰিব লগা নহ'ল। মাত্ৰ দুটা উইকেট হেৰুৱাই দ্বিতীয় ছেছনত অষ্ট্ৰেলিয়াই এই টাৰ্গেটত উপনীত হয়। উল্লেখ্য যে, প্রথম ইনিংছত ভাৰতে সংগ্ৰহ কৰিছিল ২৪৪ ৰান, তাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ অষ্ট্ৰেলিয়াই কৰিছিল ১৯১ৰান আৰু ভাৰত আগবাঢ়ি আছিল ৫৩ ৰানেৰে। অৱশ্যে আগন্তুক মেচত ভাৰতে খাল খেল প্ৰদৰ্শন কৰিব বুলি আশাবাদী ভাৰতীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in