মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সুখবৰ, ৩৮ লৈ বৃদ্ধি পালে মানাহৰ গঁড়ৰ সংখ্যা

মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সুখবৰ, ৩৮ লৈ বৃদ্ধি পালে মানাহৰ গঁড়ৰ সংখ্যা

ডিজিটেল সংবাদ, শালবাৰীঃ বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সুখবৰ৷ ৰাষ্ট্ৰীয় উদ্যানখনলৈ মঙলবাৰে পুৱাতেই আহিল দুই নতুন আলহী৷ অৱশ্যে এই দুই আলহীৰ এতিয়াৰে পৰা নিগাজি ঠিকনা হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান৷ কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ তথা পুনৰ সংস্থাপন কেন্দ্ৰৰ পৰা মানাহলৈ স্থানান্তৰিত কৰা হ'ল এটা মতা আৰু এটি মাইকী গঁড় পোৱালি৷ মঙলবাৰে পুৱাতেই মানাহত উপস্থিত হ'ল দুবছৰীয়া গঁড় পোৱালি দুটা৷

উল্লেখ্য যে ২০১৬ চনৰ ভয়াবহ বানত কাজিৰঙাৰ সমীপৱৰ্তী বিভিন্ন স্থানৰ পৰা ৰাইজৰ সহযোগত উদ্ধাৰ কৰা হৈছিল মাতৃৰ পৰা বিছিন্ন হোৱা ৮ টাকৈ গঁড় পোৱালি৷ পোৱালিকেইটা উদ্ধাৰ কৰি পানবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ তথা পুনৰ সংস্থাপন কেন্দ্ৰত প্ৰতিপালনত ৰখা হৈছিল পৰৱৰ্তী সময়ছোৱা৷ বৰ্তমান পানবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰত থকা ছয়টা গঁড় পোৱালিৰ ভিতৰত দুটা মঙলবাৰে বিশেষ বাহনত মানাহলৈ প্ৰেৰণ কৰা হয় আৰু পুৱাতে মানাহৰ বাঁহবাৰী ৰেঞ্জৰ ৰাইনো কেম্পৰ সমীপতে থকা 'বুমা'ৰ ভিতৰত মুকলি কৰি দিয়া হ'ল গঁড় পোৱালি দুটা৷

এইফালে আজি মুকলি কৰি দিয়া পোৱালি দুটাৰে সৈতে মানাহত ৩৮ লৈ বৃদ্ধি পালে গঁড়ৰ সংখ্যা৷ উল্লেখ্য যে, ইযাৰ পূৰ্বে বিগত বৰ্ষৰ ৬ জানুৱাৰীত কাজিৰঙাৰ পৰা মানাহলৈ স্থানান্তৰিত কৰা হৈছিল তিনিটা গঁড় পোৱালি৷ মঙলবাৰে মুকলি কৰি দিয়া গঁড় পোৱালি দুটাক সম্প্ৰতি মানাহৰ বিশেষ বুমাৰ ভিতৰতে পৰ্যবেক্ষণত ৰখা হ'ব৷ এইফালে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক হিৰণ্য কুমাৰ শৰ্মাই জনোৱা অনুসৰি ফেব্ৰুৱাৰী মাহত পুনৰ কাজিৰঙাৰ পৰা মানাহলৈ অনা হ'ব আন দুটি গঁড়ৰ পোৱালি৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in